
গুৱাহাটী,০৩ জানুৱাৰী(হি.স.)। গুৱাহাটীত দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ প্ৰসিদ্ধ অভিনেতা অসমৰ জোৱাই আশীষ বিদ্যাৰ্থী।এক দুৰ্ঘটনাত পতিত হৈ পত্নী ৰূপালী বৰুৱা সহ অভিনেতা গৰাকী এই দুৰ্ঘটনাত সামান্য ভাৱে আহত হয়।
জানিব পৰা অনুসৰি নিশা জুৰোডত পথ অতিক্ৰম কৰিব লওতে তীব্ৰ বেগী বাইকৰ খুন্দাত আহত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকী।
দুৰ্ঘটনাটোত আহত হয় বাইক আৰোহী জনো। অভিনেতাগৰাকীক ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বলিউডৰ কেইবাখনো চলচিত্ৰৰ বিভিন্ন ভাষাৰ কেইবাখনো চলচিত্ৰত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মোহা অভিনেতাগৰাকীৰ আঘাত গুৰুতৰ নহয় বুলিজানিব পৰা গৈছে আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱাসহ তেওঁ সামান্যভাৱে আহত হৈছে ।
ইফালে অভিনেতাগৰাকীৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰি তেওঁৰ পৰিয়ালৰ লোক তথা গুণমুগ্ধসমূহ চিন্তিত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ