বিহাৰত প্ৰৱেশ কৰিলে বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগ, গোপালগঞ্জত ভৱ্য় আদৰণি
গোপালগঞ্জ, ০৩ জানুৱাৰী (হি.স.)। তামিলনাডুৰ পৰা ঐতিহাসিক যাত্ৰাত ওলোৱা বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগটি এতিয়া বিহাৰত প্ৰৱেশ কৰিছে। এই ভৱ্য় শিৱ লিংগ উত্তৰ প্ৰদেশ-বিহাৰ সীমান্ত পাৰ হৈ গোপালগঞ্জ পোৱাৰ লগে লগে ভক্তসকলে পুস্প অৰ্পন, শংখ বজাইা, ঢোল বজাই, হৰ
विशाल शिवलिंग की  फोटो


গোপালগঞ্জ, ০৩ জানুৱাৰী (হি.স.)। তামিলনাডুৰ পৰা ঐতিহাসিক যাত্ৰাত ওলোৱা বিশ্বৰ সৰ্ববৃহৎ শিৱ লিংগটি এতিয়া বিহাৰত প্ৰৱেশ কৰিছে। এই ভৱ্য় শিৱ লিংগ উত্তৰ প্ৰদেশ-বিহাৰ সীমান্ত পাৰ হৈ গোপালগঞ্জ পোৱাৰ লগে লগে ভক্তসকলে পুস্প অৰ্পন, শংখ বজাইা, ঢোল বজাই, হৰ হৰ মহাদেৱ ধ্বনিৰে আদৰণি জনায়।

এই যাত্ৰা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, বিশ্বাস, ভক্তি, সনাতন সংস্কৃতিৰ এক ভৱিষ্যৎ আভাস। পূব চম্পাৰণৰ নির্মাণীয় বিৰাট ৰামায়ণ মন্দিৰ অভিমুখে শিৱলিংগৰ এই যাত্ৰা কালত শনিবাৰ আৰু দেওবাৰে গোপালগঞ্জ জিলাৰ মাজেৰে পাৰ হ’ব ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ ভক্তসকলে পূজা, ভজন, কীৰ্ত্তন, ধৰ্মীয় অনুষ্ঠানসমূহ পালন কৰি আহিছে। ভক্তসকলে কয় যে তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে ইমান বিশাল আৰু অসাধাৰণ শিৱ লিংগ দেখাৰ সৌভাগ্য লাভ কৰিছে।

শিৱলিংগৰ এই যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে ব্যাপক নিৰাপত্তা আৰু যাতায়তৰ ব্যৱস্থা কৰিছে। এই ঐতিহাসিক যাত্ৰা কেৱল ধৰ্মীয়ভাৱে তাৎপৰ্যপূৰ্ণ নহয় বৰঞ্চ ভাৰতৰ সাংস্কৃতিক ঐক্য, বিশ্বাস, পৰম্পৰাৰ এক জীয়া ছবিও দাঙি ধৰে।

গোপালগঞ্জৰ মাজেৰে এই ভৱ্য় শিৱলিংগটোৱে এতিয়া চূড়ান্ত গন্তব্যস্থান পূব চম্পাৰণলৈ আগবাঢ়িছে, য’ত ইয়াক বিৰাট ৰামায়ণ মন্দিৰত স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে এই বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ তামিলনাডুৰ মহাবলীপুৰমত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ওখ ৩৩ ফুট আৰু ওজন প্ৰায় ২১০ টন। ইয়াক এটা ক’লা গ্ৰেনাইট শিলৰ পৰা ইযাৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণত প্ৰায় ১০ বছৰ সময় লাগিছিল। এই অনন্য শিৱলিংগ সনাতন সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতীক হৈ পৰিছে, সমগ্ৰ দেশতে ভক্তি আৰু উৎসাহৰ প্ৰেৰণা যোগাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande