
যোৰহাট, ০৩ জানুৱাৰী (হি.স.)। মৰিয়নীত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা । জাতি ধৰ্ম ভাষা নিৰ্বিশেষে, সমন্বয় বাৰ্তা হিন্দু-ইছলাম-খ্ৰীষ্টান সমাজৰ।
মৰিয়নি নকছাৰিৰ মৰঙ্গীয়াল গাঁৱৰ স্বৰ্গীয় গংগাধৰ বৰুৱা আৰু মফজুল হুচেইন সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে দ্বিতীয় সংখ্যক সদৌ অসম শিশু ভাওনা আৰু দিহানাম প্ৰতিযোগিতা। বৎস শিল্পী সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ২ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ । অনুষ্ঠানৰ আৰম্ভনিতে সংগীত সূৰ্য জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। ইয়াৰ পাছতে নকছাৰি-লাহিং-ফেছুৱাল ভিন্ন প্ৰান্তৰৰ পৰা অহা দুহেজাৰ মহিলাই একত্ৰিত হৈ দিহানাম পৰিবেশন কৰি বৈকুণ্ঠপুৰীলৈ পৰিনত কৰে সমগ্ৰ অঞ্চল। অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।অনুষ্ঠানত দিহানামৰ লগতে খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ বাণী পাঠ কৰাৰ লগতে এহেজাৰ মহিলাই জিকিৰ পৰিবেশন কৰি সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু