
ডিব্ৰুগড়, ১৯ জানুৱাৰী (হি.স.)। ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ তেনেই সমীপতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ দিন-ডকাইতিৰ ঘটনা। দিন-দুপৰতে ৰাজপথত বাইক লৈ অহা দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰি লুটি নিলে দামী মবাইল ফোন। তিনিচুকীয়াৰ পৰা বটল সংগ্ৰহ কৰিবলৈ অহা শ্ৰমিকৰ সৈতে হয় এই ঘটনা ।
জানিব পৰামতে, তিনিচুকীয়াৰ হিজুগুৰিৰ নিবাসী অমিৰ আলি আৰু তেওঁৰ দুজন সংগীয়ে এখন এছ গাড়ী লৈ টিংখাং অঞ্চলত পুৰণি বটল সংগ্ৰহ কৰি আছিল। সেই সময়তে ক’লা ৰঙৰ বাইকত অহা এজন অচিনাকি যুৱকে তেওঁলোকক আগভেটি ধৰে। যুৱকজনে নিজকে 'চিতু বৰুৱা'ৰ দলৰ মানুহ বুলি পৰিচয় দি ৫,০০০ টকা বিচাৰে । শ্ৰমিক কেইজনে ৫,০০০ টকা দিবলৈ সামৰ্থ নাই বুলি কোৱাত শ্ৰমিক অমিৰ আলিৰ মবাইলটো কাঢ়ি লয় আৰু ফোনত 'ফোন পে' আছে নেকি পৰীক্ষা কৰিবলৈ বাৰে বাৰে লক খুলিবলৈ বাধ্য কৰে । ইয়াৰ পিছতে যুৱকজনে মবাইলটো লৈ পলাই যায়।
ইপিনে, ভুক্তভোগী অমিৰ আলি আৰু সংগীসকলে ইতিমধ্যে টিংখাং থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ প্ৰস্তুতি চলাইছে । এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া