মৰিয়নি সমষ্টিত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলন অনুষ্ঠিত
যোৰহাট, ১৯ জানুৱাৰী (হি.স.)। মৰিয়নি সমষ্টিত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলন অনুষ্ঠিত। ভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ উদ্যোগত ১০১ নং মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল,মৰিয়নি মণ্ডল,চেলেংহাট মণ্ডল যুৱ মৰ্চাৰ সহযোগত বলমা বাগান খেলপথাৰত
মৰিয়নি সমষ্টিত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলন অনুষ্ঠিত


যোৰহাট, ১৯ জানুৱাৰী (হি.স.)। মৰিয়নি সমষ্টিত বিজেপি যুৱ মৰ্চাৰ যুৱ সন্মিলন অনুষ্ঠিত। ভাৰতীয় জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ উদ্যোগত ১০১ নং মৰিয়নি সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল,মৰিয়নি মণ্ডল,চেলেংহাট মণ্ডল যুৱ মৰ্চাৰ সহযোগত বলমা বাগান খেলপথাৰত আজি যুৱ সন্মিলন অনুষ্ঠিত হয়।

জিলা বিজেপি মৰ্চাৰ সভাপতিয়ে আদৰণী ভাষণ আগবঢ়োৱা এই সন্মিলনত যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস,জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি বিজেপি চৰকাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি,কামকাজৰ ওপৰত আলোকপাত কৰাৰ কৰে লগতে অনাগত বিধানসভা নিৰ্বাচনত যুৱপ্ৰজন্মক এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিৰ পক্ষত ভোটাধিকাৰ সাৱস্ত কৰিবলৈ আহ্বান জনায়। আৰু খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত সদায় কাম কৰি যোৱাৰ সংকল্প লয়।মূলত: যুৱ প্ৰজন্মৰ ভোটাৰসকলক একত্ৰিত কৰি দেশ তথা অসমী আইৰ মান ৰক্ষাৰ উদ্দশ্যে আগত ৰাখি এইদৰে প্ৰতিটো সমষ্টিতে যুৱ সন্মিলন অনুষ্ঠিত কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে ৰাজ্যিক সভাপতি ৰাকেশ দাসে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande