নামতহে মডেল হস্পিটেল! টিংখাঙৰ লেঙেৰী মডেল হস্পিটেলত নাই পৰ্যপ্ত সুবিধা
ডিব্ৰুগড়, ১৯ জানুৱাৰী (হি.স.)। নামতহে মডেল হস্পিটেল! টিংখাঙৰ লেঙেৰী মডেল হস্পিটেলত নাই পৰ্যপ্ত সুবিধা, সাধাৰণ দুৰ্ঘটনা হ''লেও ৰোগীক প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ । এইয়া টিংখাঙৰ লেঙেৰীত স্থাপন কৰা ‘লেঙেৰী মডেল হস্পিটেল’। কিন্তু পৰিতাপৰ বিষয় যে, অঞ্চলটো
নামতহে মডেল হস্পিটেল! টিংখাঙৰ লেঙেৰী মডেল হস্পিটেলত নাই পৰ্যপ্ত সুবিধা


ডিব্ৰুগড়, ১৯ জানুৱাৰী (হি.স.)। নামতহে মডেল হস্পিটেল! টিংখাঙৰ লেঙেৰী মডেল হস্পিটেলত নাই পৰ্যপ্ত সুবিধা, সাধাৰণ দুৰ্ঘটনা হ'লেও ৰোগীক প্ৰেৰণ কৰা হয় ডিব্ৰুগড়লৈ । এইয়া টিংখাঙৰ লেঙেৰীত স্থাপন কৰা ‘লেঙেৰী মডেল হস্পিটেল’। কিন্তু পৰিতাপৰ বিষয় যে, অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ ভৰসা এই চিকিৎসালয়খনত নাই পৰ্যাপ্ত সুবিধা ।

বিশেষকৈ প্ৰসূতি বিভাগত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। কেৱল সেয়াই নহয়, এটা সাধাৰণ দুৰ্ঘটনা হৈ চিকিৎসালয়খনলৈ গ’লেও কৰ্তব্যৰত চিকিৎসকে এটা বেজি দিয়েই দায়িত্ব সামৰে আৰু ৰোগীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ‘ৰেফাৰ’ (Refer) কৰি দিয়ে। যাৰ ফলত জৰুৰীকালীন অৱস্থাত ৰোগীৰ আত্মীয়ই তীব্ৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়।

চিকিৎসালয়খনত মুঠ চিকিৎসক আছে ৬ জন, কিন্তু এতিয়াও ২ জন চিকিৎসকৰ পদ খালি হৈ আছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ৩ টাকৈ পদ খালি। নিশাৰ ভাগত চিকিৎসালয়খনৰ নিৰাপত্তাৰ বাবে নাই কোনো 'নাইট চকিদাৰ'। এক্স-ৰে (X-Ray) আৰু লেবৰেটৰীত মাত্ৰ ১ জনকৈহে কৰ্মচাৰী আছে। বৰ্তমান চিকিৎসালয়খনত নাৰ্ছ আছে ৭ গৰাকী।চিকিৎসালয়খনৰ প্ৰতিষ্ঠা কালতে তাত এটা অস্ত্ৰোপচাৰ কক্ষ (Operation Theatre) নিৰ্মাণ কৰা হৈছিল। কিন্তু চিকিৎসকৰ অভাৱত আজিলৈকে তাত অস্ত্ৰোপচাৰ সেৱা আৰম্ভই নহ’ল। লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই কক্ষ এতিয়া অব্যৱহৃত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande