এইচ আই এলে মোক এজন ভাল ষ্ট্ৰাইকাৰ কৰি তুলিলে: লালৰেমচিয়ামী
~ হিৰো এইচ আই এলত শ্ৰাচী বেংগল টাইগাৰছৰ লালৰেমচিয়ামী ৰানাৰ্ছ আপ~ ~ ভাৰতীয় কিংবদন্তি এতিয়া মহিলা ২০২৬ এফ আই এইচ হকী বিশ্বকাপ কোৱালিফায়াৰৰ বাবে প্ৰস্তুতি ~ নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। মহিলা হিৰো হকী ইণ্ডিয়া লীগ (এইচ আই এল) ২০২৫-২৬ত নিজৰ
शॉट लगातीं लालरेमसियामी


~ হিৰো এইচ আই এলত শ্ৰাচী বেংগল টাইগাৰছৰ লালৰেমচিয়ামী ৰানাৰ্ছ আপ~

~ ভাৰতীয় কিংবদন্তি এতিয়া মহিলা ২০২৬ এফ আই এইচ হকী বিশ্বকাপ কোৱালিফায়াৰৰ বাবে প্ৰস্তুতি ~

নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। মহিলা হিৰো হকী ইণ্ডিয়া লীগ (এইচ আই এল) ২০২৫-২৬ত নিজৰ দলৰ ৰানাৰ্ছ আপ স্থান দখল কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰাচি বেংগল টাইগাৰছৰ ফৰৱাৰ্ড লালৰেমছিয়ামীয়ে ব্যক্তিগত আৰু দলীয় পৰ্যায়ত ইয়াক শিক্ষণেৰে ভৰা ছিজন বুলি অভিহিত কৰে। তেওঁ অহা ছিজনত দলটোৱে আৰু এখোজ আগুৱাই খিতাপ দখল কৰিব বুলি আস্থা প্ৰকাশ কৰে ।

লালৰেমচিয়ামীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, এই ছিজনটো আমাৰ বাবে অতি ভাল। আমি নিশ্চিতভাৱে চেম্পিয়ন হ'ব বিচাৰিছিলো, কিন্তু দল হিচাপে আমি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিলোঁ। কেতিয়াবা ফলাফল আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, কিন্তু এইবাৰ হিৰো এইচ আই এলৰ অভিজ্ঞতা মই সঁচাকৈয়ে উপভোগ কৰিলোঁ। আমি খেলখন উপভোগ কৰিলোঁ আৰু ইজনে সিজনৰ পৰা বহু কথা শিকিলোঁ।

এই প্ৰতিযোগিতাত শ্ৰাচি বেংগল টাইগাৰছে কেইবাখনো মেচ খেলি পেনাল্টি শ্বুটআউটলৈ গৈছিল, য’ত এছ জি পাইপাৰ্ছৰ বিৰুদ্ধে ফাইনেল খেলো আছিল। এই উচ্চ চাপৰ মেচসমূহৰ বিষয়ে কোৱাৰ সময়ত লালৰেমচিয়ামীয়ে কয় যে দলটোৱে ফলাফলতকৈ নিজৰ খেলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে কয়, আমাৰ আগতেও এছ জি পাইপাৰ্ছৰ বিৰুদ্ধে ঘনিষ্ঠ মেচ আছিল। এখন মেচত শেষ মুহূৰ্তত গ'ল দিয়াৰ পিছত শ্বুটআউটত উপনীত হৈছিল, আৰু আনখন মেচত আমি আধিপত্য বিস্তাৰ কৰিছিলো কিন্তু গ'ল দিব পৰা নাছিলো। আমি অনুভৱ কৰিছিলো যে আমি মেচখনত জয়ী হ'ব পাৰিলোহেঁতেন। ফাইনেলৰ আগতে আমাৰ মনোযোগ কেৱল আমাৰ খেল আৰু দক্ষতাৰ ওপৰত আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে, আমি নিৰ্ধাৰিত সময়ত জয়ী হ'ব পৰা নাছিলো। তথাপিও এই অভিজ্ঞতা বহুত আছিল। আমাৰ বাবে মূল্যৱান।

টুৰ্ণামেণ্টৰ আৰম্ভণি লেহেমীয়া হোৱাৰ পিছতে বেংগল টাইগাৰছে গতি লাভ কৰে। লালৰেমচিয়ামীয়ে দলীয় পৰিৱেশ, যোগাযোগ, আৰু জ্যেষ্ঠ খেলুৱৈসকলৰ ভূমিকাক প্ৰশংসা কৰে।

তেখেতে কয়, আমাৰ কম্বিনেচন বিকশিত কৰিবলৈ আমাৰ বেছি সময় নাছিল, কিন্তু খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে ইজনে সিজনক বুজিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। দলৰ পৰিৱেশ আৰু যোগাযোগ আছিল অতি উত্তম। জ্যেষ্ঠ খেলুৱৈসকলে কনিষ্ঠ খেলুৱৈসকলক সঠিক দিশত পথ প্ৰদৰ্শন কৰিছিল, আৰু ফলাফল খেলপথাৰত স্পষ্টকৈ দেখা গৈছিল।

ব্যক্তিগতভাৱে লালৰেমচিয়ামিৰ বাবেও এই ছিজন আছিল বিশেষ। তিনিটা গ’ল দি প্ৰতিযোগিতাখনৰ শীৰ্ষ পাঁচগৰাকী গ’লদাতাৰ ভিতৰত স্থান লাভ কৰে।

যোৱা ছিজনত মই মিডফিল্ডত খেলিছিলো, কিন্তু এইবাৰ গোটেই টুৰ্ণামেণ্টখনতে ষ্ট্ৰাইকাৰ হিচাপে খেলিছিলো। ইয়াৰ ফলত মোক গ’ল দিয়াৰ অধিক সুযোগ পাইছিলোঁ। মিডফিল্ড আৰু ডিফেন্সিভ খেলুৱৈৰ পৰা পোৱা সমৰ্থন আছিল অতি উত্তম। এই ছিজনটো মই ভালদৰে উপভোগ কৰিছিলোঁ।

হিৰো এইচ আই এলে চক্ৰৰ ভিতৰতে তাইৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত কৰা বুলিও স্বীকাৰ কৰে।

ষ্ট্ৰাইকাৰ হিচাপে ১ অন ১ পৰিস্থিতিত আৰু হেঁচাত দ্ৰুত সিদ্ধান্ত ল'ব লাগিব বুলিও কয় ছানীয়ে।

ভাৰতীয় খেলুৱৈৰ শক্তিশালী মূলৰ ওপৰত ভাষণ দি তেওঁ কয় যে বন্দনা কটাৰিয়া, মনিকা, গুৰজিতৰ দৰে জ্যেষ্ঠ খেলুৱৈৰ সৈতে পুনৰ খেলাটো এক বিশেষ অভিজ্ঞতা।

আগন্তুক প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি লালৰেমছিয়ামীয়ে কয় যে মাৰ্চ মাহত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া মহিলা ২০২৬ এফ আই এইচ হকী বিশ্বকাপ কোৱালিফায়াৰকে ধৰি বৃহৎ প্ৰতিযোগিতাসমূহত হিৰো এইচ আই এলৰ অভিজ্ঞতা অতি উপযোগী হ’ব।

তেখেতে কয়, আগন্তুক সময়ত আমাৰ বহুতো হাই-প্ৰেচাৰ মেচ আছে য'ত শ্বুটআউটে ফলাফল নিৰ্ণয় কৰিব। হিৰো এইচ আই এলে আমাক মানসিকভাৱে শক্তিশালী কৰি তুলিছে। এই অভিজ্ঞতাই মোক বিশ্বকাপ কোৱালিফায়াৰ আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাত নিশ্চিতভাৱে সহায় কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande