
মাদ্ৰিদ (স্পেইন), ১৯ জানুৱাৰী (হি.স.)। স্পেইনৰ কৰ্ডোবাৰ আদামুজত দুখন তীব্ৰবেগী যাত্ৰীবাহী ৰে’ল ৰে’লপথৰ পৰা লাইনচ্যুত হয় । এই ঘটনাত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়, ইয়াৰে ৩০ জনৰ অৱস্থা সংকটজনক। এখন ৰে’ল লাইনচ্যুত হৈ এম্বুলেন্সৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু কেইবাখনো বগি আঁতৰি যায়। মৃতসকলৰ ভিতৰত দ্বিতীয়খন ৰে’লৰ চালকো আছিল। দেওবাৰে গভীৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
স্পেইনৰ আটাইতকৈ বেছি পঢ়া কাকত এল পেইছৰ এক প্ৰতিবেদন অনুসৰি গাৰ্ডিয়া চিভিল আৰু ১১২ আন্দালুজাৰ সূত্ৰই এই তথ্য প্ৰদান কৰিছে। সূত্ৰ অনুসৰি মালাগাৰ পৰা মাদ্ৰিদলৈ যোৱা এখন ৰে’ল ৰে’লপথৰ পৰা লাইনচ্যুত হৈ বিপৰীত দিশত ঘণ্টাত ২০০ কিলোমিটাৰ বেগত হুৱেলভা অভিমুখে গৈ থকা আলভিয়া ৰে’ল এখনত খুন্দা মাৰে । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুয়োখন ৰে’লে ৪৮৪ জন যাত্ৰী কঢ়িয়াই লৈ ফুৰিছিল।
ৰে’ল মন্ত্ৰী অস্কাৰ পুয়েণ্টেৰ মতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। তেওঁ কয় যে ইৰিঅ’ ৰে’লখনে মালাগাৰ পৰা ১৮:৪০ বজাত পুয়েৰ্টা ডি আটোচা (মাদ্ৰিদ)লৈ ৰাওনা হয়। আদামুজত ১৯:৩৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনৰ ছখন বগি ৰে’লপথৰ পৰা ওলাই আলভিয়া (মাদ্ৰিদ-হুৱেলভা) ট্ৰেকত অৱতৰণ কৰে। একে সময়তে ঘণ্টাত ২০০ কিলোমিটাৰ বেগেৰে আন এখন ৰে’ল আহি আনখন ৰে’লৰ লগত খুন্দা খাই ৰে’লপথৰ পৰা ওলাই যায়। পুৱা ১২:৩০ বজাত এখন সংবাদমেলত ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে বগীসমূহত আবদ্ধ হৈ থকা সকলোকে উদ্ধাৰ কৰা হৈছে। এটা স্বতন্ত্ৰ আয়োগে এই দুৰ্ঘটনাৰ তদন্ত কৰিব।
স্থানীয় আৰক্ষীৰ সৈতে আদামুজৰ মেয়ৰ ৰাফেল মৰেনোৱে প্ৰথমে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আন্ধাৰ আছিল আৰু ব্যাপক চিঞৰ-বাখৰ হৈছিল। এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই দুৰ্ঘটনাৰ বাবে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজৰ তীব্ৰবেগী লাইনত ৰে’ল যাতায়ত বন্ধ হৈ পৰে। ৰাজধানী আৰু কৰ্ডোবা, চেভিল, মালাগা আৰু হুৱেলভাৰ মাজত সোমবাৰেও ৰে’ল সেৱা বন্ধ থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ