
হোজাই, ১৯ জানুৱাৰী (হি.স.)। ভূৱা কিন্নৰৰ বিৰুদ্ধে একাংশ প্ৰকৃতি কিন্নৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
লামডিংত ভণ্ড জ্যোতিষৰূপী ভুৱা কিন্নৰে ভয় ভাবুকিৰে বহু দিন ধৰি লামডিঙত দাবী ধমকিৰ সাধাৰণ ৰাইজৰ পৰা লুটি আহিছিল ধন সম্পত্তি।
যোৱা শুক্ৰবাৰে লামডিং নিউ কলনীত এগৰাকী মহিলাৰ ঘৰত এগৰাকী ভুৱা কিন্নৰ স্থানীয় একাংশ মহিলাক মাৰধৰ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰিছিল আৰু তাৰ পাছতেই লামাডিং আৰক্ষীয়ে ভুৱা কিন্নৰগৰাকী আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বাতৰি প্ৰকাশ পাইছিল আৰু তাৰ পাছতেই আজি একাংশ প্ৰকৃত কিন্নৰে লামডিংত উপস্থিত হৈ ঘটনাটোৰ বাবে সংবাদ মাধ্যমৰ জড়িয়তে দুখ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত এই ধৰণৰ ভূৱা কিন্নৰ দেখিলে আৰক্ষী তথা প্ৰকৃত কিন্নৰক জনাবলৈ আহ্বান।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা