
গোৱালপাৰা, ১৯ জানুৱাৰী (হি.স.)। ৰংজুলিত অঘটন । চলন্ত বাছত চিকিৎসকৰ মৃত্যু । জানিব পৰা মতে ডা: ৰণ্টু মনি কাকতি নামৰ এগৰাকী চিকিৎসক তেওঁৰ কৰ্মস্থলী গোৱালপাৰা জিলাৰ আগিয়া হস্পিটেললৈ এ এছ ০১ আৰ চি ৮৮৩৯ নম্বৰৰ যাত্ৰা নামৰ যাত্ৰীবাহী ধুবুৰী অভিমুখী বাছেৰে আহি থাকোতে ৰংজুলিৰ সমীপৰ ধনুভাঙাত প্ৰেছাৰ ষ্ট্ৰোক হয় ।
লগে লগে বাছ খনেৰে তেওঁক ৰংজুলি চিকিৎসালয়ত আনি ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।এইলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰংজুলিত ।ইতিমধ্যে ৰংজুলিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, ৰণ্টুমনি কাকতিৰ ঘৰ কামৰূপ জিলাৰ হাজোত ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা