
কামৰূপ, ১৯ জানুৱাৰী (হি.স.)। ৰঙিয়াত শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞ।অহা ২৩ তাৰিখৰ পৰা ২৭ তাৰিখলৈ পাছ দিনীয়াকৈ আয়োজন কৰা হৈছে এই যজ্ঞ।২৫ বৰ্ষ গৰকা অসমৰ প্ৰথমটো মহা মৃত্যুঞ্জয় শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞ।ইতিমধ্যে যজ্ঞৰ বাবে যাৱতীয় প্ৰস্তুতি কৰিছে শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে।
৫ ফুট আহল বহল কৈ খন্দা হৈছে যজ্ঞ কুণ্ড, দিয়া হৈছে চালি ঘৰ।ধৰ্মীয় শোভাযাত্ৰা, ধৰ্মীয় আলোচনী সভাৰ লগতে বহু আধ্যত্মিক অনুষ্ঠানত আয়োজন কৰিছে আয়োজক সকলে।যজ্ঞৰ আহুতিৰ দিনা অৰ্থাৎ ২৭ তাৰিখে ৫০ হেজাৰ ভক্তৰ উপস্থিতি কামনা কৰিছে উৎযাপন সমিতিয়ে।অসমৰ সৰ্ব স্তৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ