বান্দৰদেৱাত আৰক্ষী অভিযানত নিচাযুক্ত টেবলেট সহ দুজনক আটক কৰিব সক্ষম হয় আৰক্ষী
লক্ষীমপুৰ, ১৯ জানুৱাৰী (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত পথালি পাহাৰৰ টোলগেটত বান্দৰদেৱা আৰক্ষী এক অভিযান চলায়। অভিযানত নিচাযুক্ত টেবলেট সহ দুজনক আটক কৰিব সক্ষম হয় আৰক্ষী ৷ অসম অৰুনাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সমীপৰ ট’লগেটৰ সমীপত
বান্দৰদেৱাত আৰক্ষী অভিযানত নিচাযুক্ত টেবলেট সহ দুজনক আটক কৰিব সক্ষম হয় আৰক্ষী


লক্ষীমপুৰ, ১৯ জানুৱাৰী (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত পথালি পাহাৰৰ টোলগেটত বান্দৰদেৱা আৰক্ষী এক অভিযান চলায়। অভিযানত নিচাযুক্ত টেবলেট সহ দুজনক আটক কৰিব সক্ষম হয় আৰক্ষী ৷ অসম অৰুনাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সমীপৰ ট’লগেটৰ সমীপত আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ বাহাদুৰ থাপা আৰু দুলুমনি শইকীয়াৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি বৃহৎ পৰিমানৰ নিষিদ্ধ টেৱলেট সহ দুজন সৰবৰাহকাৰী ক্ৰমে বিশ্বনাথ চাৰিআলিৰ নিলোৎপল বৰা আৰু জিনজিয়াৰ নিজামুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰা হয় ৷

আৰক্ষীয়ে দুয়ো জনৰ জিম্মাৰ পৰা ২.২২৩ গ্ৰাম নিষিদ্ধ টেৱলেট, দুটা মোৱাইল আৰু এএছ ০৭ এল ৪৩১১ নম্বৰৰ ৰয়েল এনফিল্ড বাইক জব্দ কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande