গোলকগঞ্জত পিতৃৰ দাৰ ঘাপত আহত পুত্ৰ
ধুবুৰী, ১৯ জানুৱাৰী (হি.স.)। গোলকগঞ্জৰ খেকশিয়ালীত চাঞ্চল্যকৰ ঘটনা। নিজ পুত্ৰক কুঠাৰেৰে ঘপিয়ালে পিতৃয়ে। গুৰুতৰ ভাবে আহত পুত্ৰক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা গোলকগঞ্জৰ খেকশিয়ালীৰ ৰবিনাথ ৰায়ৰ (৬০) সৈত
গোলকগঞ্জত পিতৃৰ দাৰ ঘাপত আহত পুত্ৰ


ধুবুৰী, ১৯ জানুৱাৰী (হি.স.)। গোলকগঞ্জৰ খেকশিয়ালীত চাঞ্চল্যকৰ ঘটনা। নিজ পুত্ৰক কুঠাৰেৰে ঘপিয়ালে পিতৃয়ে। গুৰুতৰ ভাবে আহত পুত্ৰক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা গোলকগঞ্জৰ খেকশিয়ালীৰ ৰবিনাথ ৰায়ৰ (৬০) সৈতে কল গছ কটাক কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হয়।

ফলত ৰবিনাথ ৰায়ে কুঠাৰেৰে পত্নীক কাটিবলৈ খেদি যায়। সেই সময়তেই পুত্ৰ শ্যামল ৰায়ে আগুৱাই অহাত ৰবিনাথ ৰায়ে পুত্ৰ শ্যামল ৰায়ৰ মুৰত কুঠাৰেৰে ঘপিয়াই দিয়ে। লগে লগ শ্যামল ৰায় মাটিত ঢলি পৰে। পিছত স্থানীয় ৰাইজে শ্যামল ৰায়ক মুমুৰ্ষ অবস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ লৈ যায়। বৰ্তমান লৈকে শ্যামল ৰায়ৰ অৱস্থা সংকটজনক। গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে পিতৃ ৰবিনাথ ৰায়ক আটক কৰি থানালৈ আনিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande