নলবাৰীত স্থানীয় ৰাইজ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ
নলবাৰী, ১৯ জানুৱাৰী (হি.স.)। নলবাৰীত স্থানীয় ৰাইজ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ।অভিযোগ উত্থাপন কৰে একাংশ জেষ্ঠ নাগৰিকে। ৰাজ্যৰ জিলাই জিলাই স্থাপন লৈছে চিকিৎসা মহাবিদ্যালয়। গাঁৱৰ ৰাইজৰ বাবে এইটো আশাৰ খৱৰ। বহু আবেদন তথা দাবীৰ পৰিপ্ৰেক্ষিত
নলবাৰীত স্থানীয় ৰাইজ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ


নলবাৰী, ১৯ জানুৱাৰী (হি.স.)। নলবাৰীত স্থানীয় ৰাইজ উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ।অভিযোগ উত্থাপন কৰে একাংশ জেষ্ঠ নাগৰিকে। ৰাজ্যৰ জিলাই জিলাই স্থাপন লৈছে চিকিৎসা মহাবিদ্যালয়। গাঁৱৰ ৰাইজৰ বাবে এইটো আশাৰ খৱৰ। বহু আবেদন তথা দাবীৰ পৰিপ্ৰেক্ষিতত নলবাৰীতো প্ৰায় দুবছৰ পুৰ্বে মুকলি কৰা হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত আছে ২৬ খন আই চি ইউ বেড। এম আৰ আই চিটি স্কেন, এক্সৰে,আল্ট্ৰাচাউণ্ড, ইকো কাৰ্ডিঅলজি, ব্ৰঙ্কোস্কোপী আদিৰ সুবিধাও উপলব্ধ হৈছে।

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ১২৭ গৰাকী নিয়মীয়া চিকিৎসক থকাৰ লগতে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ৩০ গৰাকী চিকিৎসকে সময় সাপেক্ষে কৰ্তব্য সম্পাদন কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত। ৩৮৫ গৰাকী নাৰ্চো আছে। ২০ টাকৈ বিষয় সন্নিবিষ্ট হৈ থকা নলবাৰী চিকিৎসা মহাবিদ্যালয়ত পৰ্যাপ্ত বিল্ডিং থকাৰ লগতে ইমানবোৰ আন্তঃগাঠনিৰ সুবিধা হোৱাৰ পিছতো স্থানীয় ৰাইজ উন্নত চিকিৎসাৰ পৰা বঞ্চিত। স্থানীয় লোকৰ মতে নামত হে এইখন এখন মেডিকেল কলেজ। ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ ৰোগী পঠোৱা ৰেফাৰ হস্পিটেল নাম পোৱা নলবাৰী মেডিকেল কলেজ হস্পিটেলত নাই কাৰ্ডিঅ কেথলেব,এনজিঅগ্ৰাফীৰ সুবিধা নতুবা

নিউৰ'চাৰ্জন।

কাৰ্ডিঅলজিৰ বিশেষজ্ঞ চিকিৎসকৰ দলৰ নথকা নলবাৰী চিকিৎসা হস্পিটেলত আই চি ইউৰ বেড বঢ়োৱাৰ খুবেই প্ৰয়োজন যদিও এই সন্দৰ্ভত উদাসীন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অলপতে এম আৰ আই সুবিধা সংযোজন হোৱাৰ পিছতো কিয় উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে নলবাৰীৰ সাধাৰণ জনতা। ইপিনে নাৰ্চৰ বাবে পৰ্যাপ্ত আবাস গৃহৰ নাই কোনো ব্যৱস্থা। চিকিৎসালয়ৰ পৰা পৰ্যাপ্ত ঔষধো নাপায় ৰোগীয়ে। ইপিনে জিলা খনৰ ভিন্ন স্থানত থকা চিকিৎসালয় সমূহতো নাই পৰ্যাপ্ত চিকিৎসক। ২৭ গৰাকী চিকিৎসকৰ পদ জিলা খনত খালি হৈ আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande