
কোকৰাঝাৰ, ১৯ জানুৱাৰী (হি.স.)। পৰ্বতঝোৰাত একেদিনাই চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন বিটিচি ৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ।
টিপকাইত বীৰ চিলা গাংৰ নামত পাঁচ কোটি টকাৰে নিৰ্মান হব লগা ষ্টেডিয়াম ,আধ্যাত্মিক ধৰ্ম গুৰু গুৰুদেৱ কালিচাৰণ ব্ৰহ্মনামত এখন অত্যাধুনিক প্ৰেক্ষাগৃহ, বাসবাৰীত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মাণ হব লগা পলি টেকনিকেল প্ৰতিষ্ঠান আৰু আয়ুষ হস্পিটালৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে বিটিচি পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।
এই আধাৰশিলা স্থাপন কাৰ্য্যসূচীত হাগ্ৰামা মহিলাৰীৰ সংগ দিয়ে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি পৰিষদীয় চৰকাৰৰ ইএম মুন মুন ব্ৰহ্ম।
এই উন্নয়ন মূলক কাম সমূহ প্রমোদ বড়ো চৰকাৰৰ দিনতেই অনুমোদন পোৱা কিন্তু টকা আবন্টন কৰিব নোৱাৰাৰ বাবেই আমি তিনি মাহতেই অসম চৰকাৰ আৰু ভাৰত চৰকাৰ পৰা টকা আবন্টন লৈ আজি আধাৰ শিলা স্থাপন কৰিবলৈ সক্ষম হৈছো বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা