
শোণিতপুৰ, ১৯ জানুৱাৰী (হি.স.)। শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ গনভিত্তি নাই৷ বিগত পঞ্চায়ত নিৰ্বাচনেই ইয়াৰ প্ৰমাণ৷ পঞ্চায়ত নিৰ্বাচনত ৫০% আসনত কংগ্ৰেছ দলে দিবলৈ প্ৰাৰ্থীয়েই নাপালে৷ গতিকে অহা নিৰ্বাচনত কংগ্ৰেছ দল নদুৱাৰ সমষ্টিত পৰাজিত হব৷ এক লাখতকৈ অধিক ভোটত পৰাজিত হব কংগ্ৰেছ প্ৰাৰ্থী৷ সমষ্টিটোত কংগ্ৰেছ দলে প্ৰাৰ্থী দিবই কিন্তু কংগ্ৰেছৰ একো গনভিত্তি নাই সমষ্টিটোত বুলি দাৱী বিধায়ক পদ্ম হাজৰিকাৰ৷
আনহাতে গৰুখুটিত ২০২১ চনৰ পৰিবেশ এতিয়া নাই৷ নিৰ্বাচন আহিলেই একাংশ লোকে নানা প্ৰকাৰে পৰিবেশ উত্তপ্ত কৰাৰ চেষ্টা কৰে৷ সেই সকল দুষ্কৃতিকাৰীয়ে গৰুখুটিত থকা আৰক্ষীকো আক্ৰমণ কৰিছে৷ এয়া সহ্য কৰা নহব বুলি কয় পদ্ম হাজৰিকাই৷ ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰা হৈছে আৰু আৰক্ষীয়ে এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰি কয়, সমাজত বিষবাষ্প বিয়পোৱা কোনো শক্তিকেই ইয়াত প্ৰাধান্য দিয়া নহব৷
আজি তেজপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত এছ আৰ ৰ এখন সভাত উপস্থিত হোৱাৰ কালত বিধায়ক পদ্ম হাজৰিকাই এই মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা