প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ এনডিআৰএফৰ সাহসী জোৱানসকলক শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফৰ প্রতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলৰ সাহস, নিষ্ঠা, নিস্বাৰ্থ সেৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰ
एनडीआरएफ


নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফৰ প্রতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলৰ সাহস, নিষ্ঠা, নিস্বাৰ্থ সেৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত জীৱন ৰক্ষা, সাহায্য আৰু পুনসংস্থাপনৰ ক্ষেত্ৰত এনডিআৰএফৰ ভূমিকাক দেশ আৰু বিশ্বৰ বাবে আদৰ্শ হিচাপে অভিহিত কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াক বিশ্বব্যাপী মানদণ্ড বুলি অভিহিত কৰে। গৃহমন্ত্ৰী শ্বাহে দুৰ্যোগৰ সময়ত এন ডি আৰ এফক ৰাষ্ট্ৰৰ এক নিৰ্ভৰযোগ্য স্তম্ভ বুলি অভিহিত কৰি শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত কয় যে দুৰ্যোগৰ প্ৰতিটো কঠিন মুহূৰ্ততে এন ডি আৰ এফৰ কৰ্মীসকলে জীৱন ৰক্ষা, সহায় প্ৰদান, আশা পুনৰ ঘূৰাই অনাৰ বাবে সন্মুখৰ লাইনত কাম কৰে। তেওঁলোকৰ পেছাদাৰিত্ব আৰু নিষ্ঠাই সেৱাৰ উচ্চতম মানদণ্ড প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি এন ডি আৰ এফে দুৰ্যোগৰ প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষেত্ৰত এক মাপকাঠী নিৰ্ধাৰণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰতিষ্ঠা দিৱসত এন ডি আৰ এফৰ কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে মোডী চৰকাৰে দুৰ্যোগ প্ৰতিৰোধী ভাৰত গঢ়াৰ সংকল্প বাস্তৱায়িত কৰাত এন ডি আৰ এফৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আজি দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰৰ আস্থাৰ এক শক্তিশালী স্তম্ভ হৈ পৰিছে এন ডি আৰ এফ। আনৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

মন কৰিবলগীয়া যে ২০০৬ চনত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ) গঠন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত তৎকালীন, সমন্বিত আৰু পেছাদাৰী সাহায্য আৰু উদ্ধাৰ অভিযান নিশ্চিত কৰা। ভূমিকম্প, বানপানী, ঘূৰ্ণীবতাহ, ভূমিস্খলন, ঔদ্যোগিক দুৰ্ঘটনা আৰু ৰাসায়নিক-জৈৱিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই এনডিআৰএফৰ বিশেষভাৱে প্ৰশিক্ষিত দল নিয়োগ কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande