
কাঠমাণ্ডু, ১৯ জানুৱাৰী (হি.স.)। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত ৰাজতন্ত্ৰ আন্দোলনৰ সমৰ্থক দুৰ্গা প্ৰসাইক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে বিয়লি পোখাৰাৰ লেকছাইড এলেকাত আৰক্ষীৰ চাইবাৰ ব্যুৰোৱে তেওঁক আটক কৰে। প্রয়োজনীয় তদন্তৰ বাবে কাঠমাণ্ডুলৈ অনাৰ প্রস্তুতি অব্যাহত আছে ঔষধ ব্যৱসায়ী প্রসাইক ৷
কিছুদিন পূৰ্বে ভক্তপুৰৰ নিজৰ ব্যক্তিগত বাসগৃহত সংবাদমেলত প্ৰসাইয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰে যে নেপালী কংগ্ৰেছৰ বিশেষ অধিৱেশনত সভাপতি নিৰ্বাচিত হোৱা গগন থাপাৰ দলটোৱে নিৰ্বাচন আয়োগক ৫২ কোটি টকাৰ উৎকোচ দি চৰকাৰী স্বীকৃতি লাভ কৰিছে। সংবাদমেলৰ সময়ত তেওঁ ধনেৰে ভৰা বস্তাৰ ভিডিঅ’ দেখুৱাই দাবী কৰে যে নিৰ্বাচন আয়োগক পশ্চিমীয়া দেশসমূহে গগন থাপাৰ ফৈদক চৰকাৰী স্বীকৃতি প্ৰদান কৰিবলৈ উৎকোচ দিছিল, তাৰ পিছত গগন থাপাক নেপালী কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক আৰু পতাকা প্ৰদান কৰা হৈছিল।
সোমবাৰে নিৰ্বাচন আয়োগে প্ৰসাইৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে, যাৰ ফলত আৰক্ষীৰ চাইবাৰ ব্যুৰোৱে তেওঁক গ্ৰেপ্তাৰ কৰাত সহজ হৈ পৰে। আৰক্ষীৰ মতে, চাইবাৰ অপৰাধ আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ সৈতে জড়িত গোচৰত প্ৰসাইৰ অধিক তদন্তৰ প্ৰস্তুতি অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ