
বাক্সা, ১৯ জানুৱাৰী (হি.স.)। বাক্সা জিলাৰ মুছলপুৰত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ২১ সংখ্যক প্ৰতিনিধি সভাৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা মুছলপুৰ আঞ্চলিক সমিতিৰ ৫৬ সংখ্যক প্ৰথম বাৰ্ষিক প্ৰতিনিধি সভা। মুছলপুৰ ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰতিনিধি সভাৰ। মুকলি অধিৱেশনেৰে অন্ত পৰে দুদিনীয়া কাৰ্যসূচীৰ।
সভাত অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। সভাত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৱে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে। বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অন্তৰ্গত ২৫খনকৈ আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে মুকলি সভাত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা