
মানকাচৰ, ১৯ জানুৱাৰী (হি.স.)। হাটশিঙিমাৰীৰ ফুলেৰচৰত চাঞ্চল্যকৰ ঘটনা। সন্দেহজনক অৱস্থাত উদ্ধাৰ ৪ মহীয়া অন্তঃসত্ত্বা মহিলাৰ মৃতদেহ উদ্ধাৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ আমিৰুল শ্বেখৰ ঘৰত সন্দেহজনক অৱস্থাত তেওঁৰ ৪ মহীয়া অন্তঃসত্ত্বা পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ঘটনাস্থলীত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সহকাৰী আয়ুক্ত পাপ্পু গগৈৰ লগতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷
মৃত্যু মহিলা গৰাকীৰ শৰীৰত আঘাতৰ চিন থকাৰ বাবে মহিলা গৰাকীৰ হত্যা হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ আৰু সন্দেহৰ আঙুলি স্বামী আমিৰুল শ্বেখৰ ওপৰ ৷ অভিযোগ মতে ঘৰৰ ওচৰতে নিশা চলিছিল মেলা আৰু মেলাত চলিছিল জুৱা খেল চলা অভিযোগ উঠিছে ৷ আমিৰুল শ্বেখে উক্ত জুৱা খেলত অংশগ্ৰহণ কৰি টকা হাৰি ঘৰত গৈ এনে জঘণ্য ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
আমিৰুল শ্বেখৰ মতে, তেওঁৰ পত্নী ৰেশিগিনা বেগমে ঘৰতে চিপজৰীলৈ আত্মহত্যা কৰা বুলি পুৱতি নিশা মেলাৰ পৰা উভতি প্ৰত্যেক্ষ কৰিছিল বুলি জানিব দিয়ে ৷ ইফালে মৃত মহিলা গৰাকীক দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিক নিয্যাৰ্তন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে ৷ মৃত ৰেশিগিনা বেগম কণমানি দুটি সন্তানৰ মাতৃ লগতে ৪ মহীয়া অন্তঃসত্ত্বা আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে স্বামী আমিৰুল শ্বেখ আৰু আমিৰুলৰ পিতৃ মাতৃক সোধপোছৰ থানালৈ নিয়াৰ লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে হত্যা নে আত্মহত্যা ৷
ঘটনাৰ সঠিক তদন্তৰ দাবী স্থানীয় ৰাইজৰ ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা