মঙলদৈত স্থাপিত দক্ষতা বিশ্ব বিদ্য়ালয়ত আৰম্ভ পাঠদান
দৰং, ১৯ জানুৱাৰী (হি.স.)। মঙলদৈত স্থাপিত দক্ষতা বিশ্ব বিদ্য়ালয়ৰ আজিৰে পৰা আৰম্ভ হৈছে পাঠদান। মঙলদৈত আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন দক্ষতা বিশ্ব বিদ্যালয়ৰ পাঠদান আৰম্ভ। নিৰ্মাণ কাৰ্য অৰ্ধ সমাপ্ত হৈ আছে যদিও বিশ্ব বিদ্যালয়ৰ পাঠ দান সমূহ আৰম্
মঙলদৈত স্থাপিত দক্ষতা বিশ্ব বিদ্য়ালয়ত আৰম্ভ পাঠদান


দৰং, ১৯ জানুৱাৰী (হি.স.)। মঙলদৈত স্থাপিত দক্ষতা বিশ্ব বিদ্য়ালয়ৰ আজিৰে পৰা আৰম্ভ হৈছে পাঠদান। মঙলদৈত আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন দক্ষতা বিশ্ব বিদ্যালয়ৰ পাঠদান আৰম্ভ। নিৰ্মাণ কাৰ্য অৰ্ধ সমাপ্ত হৈ আছে যদিও বিশ্ব বিদ্যালয়ৰ পাঠ দান সমূহ আৰম্ভ কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে। যোৱা বছৰৰ পৰা গুৱাহাটীত কেইবাটাও বিভাগৰ পাঠদান আৰম্ভ হৈছিল যদিও ছাত্র ছাত্ৰীৰ ভৱিষ্যতক লক্ষ্য ৰাখি চলিত বছৰৰ পৰা ৯ টা বিভাগৰ পাঠদান মঙলদৈৰ স্থায়ী গৃহত কৰাৰ সিদ্ধান্ত বিশ্ববিদ্যালয় কতৃপক্ষৰ।

বৰ্ত্তমান ২২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিভাগত শিক্ষা গ্ৰহণ কৰিব । উল্লেখ্য যে ঠিকাদাৰৰ সম্পূৰ্ণ হেমাহীৰ বাবে এবছৰ পিছপৰি ৰৈছে বিশ্ব বিদ্যালয় খনৰ উদ্বোধনী অনুষ্ঠানটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande