
শিৱসাগৰ, ১৯ জানুৱাৰী (হি.স.)। শিৱসাগৰত আজি অনুষ্ঠিত হৈ থকা ২৬ তম আন্তঃজিলা কেৰম প্ৰতিযোগিতাৰ সমৰনি তথা বঁটা বিতৰণী অনুষ্ঠানত অংশ লোৱাৰ লগতে অসম কেৰম সন্থাৰ সভাপতি তথা সাংসদ ৰকিবুল হুছেইনে চুড়ান্ত খেলখন উদ্বোধনো কৰে। শিৱসাগৰত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা কেৰম প্ৰতিযোগিতাখনিত ১৯ খন জিলাৰ কেৰম খেলুৱৈ সকলে অংশগ্ৰহন কৰিছিল।
প্ৰতিযোগিতাখনিৰ সমৰনি অনুষ্ঠানত অসমৰ কেৰম সন্থাৰ অন্যান্য বিষয়ববীয়াও উপস্থিতি।আনহাতে সাংসদ গৌৰৱ গগৈক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে কোৱা---অসমে আকাশ চোৱাৰ সপোন দেখিছে আপুনি বিৰোধিতা কৰি থাকক অসমে আকাশ চুবই---অসমীয়াই পাকিস্থানৰ এজেন্টৰ ওচৰত আত্মসমৰ্পন নকৰে---অচিনাকী মানুহৰ ওচৰত আত্মসমৰ্পন নকৰে বুলি সমালোচনা কৰাৰ পাছতে সাংসদ ৰকিবুল হুছেইনে উভতি ধৰে মুখ্যমন্ত্ৰীক---মুখ্যমন্ত্ৰীৰ অ সংলগ্ন কথাৰ যদি তাৎক্ষণিক প্ৰতিক্ৰিয়া দিঁও তেনেহ'লে মুখ্যমন্ত্ৰীয়ে পেলোৱা জালত আমি ভৰি দিয়া হব।তেঁও এনেধৰনৰ কথা কৈছে কাৰন মানুহে যাতে জুবিন গাৰিগক পাহৰি যায়---ৰকিবুল হুছেইন।সময়লৈ মানুহে বাট চাই আছে মুখ্যমন্ত্ৰীক মানুহে চিনি পাইছে।
মুখ্যমন্ত্ৰীয়ে তেঁওৰ পাৰদৰ্শিতাৰ কথা কব লাগিছিল বছৰি ২৫ লাখ চাকৰি দিম কৈছিল---তেঁও ১ লাখ চাকৰি দিছো কয়--২৫ লাখ চাকৰি দিম আমি কোৱা নাছিলো।চাকৰি সন্দৰ্ভত যেতিয়া আমি প্ৰশ্ন কৰো তেতিয়া এনেধৰনৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে ফালৰি কাটে।মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থাকোতে মাদ্ৰাছা শিক্ষা হব লাগে বুলি যুক্তি দিছিল।উজনিৰ মানুহৰ মাজত ক্ষোভ আছে,উজনিৰ জনগোষ্ঠীয় মানুহ এজনক মুখ্যমন্ত্ৰী হব বুলি ৰায় দিছিল কিন্ত মুখ্যমন্ত্ৰীয়ে চল চাতুৰিয়ে মুখ্যমন্ত্ৰী হ'ল---ৰকিবুল হুছেইন।ছয় জনগোষ্ঠী সন্দৰ্ভটো মন্তব্য জনজাতিকৰন হ'লে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকা প্ৰচেষ্টা অথলে যাব---ৰকিবুল হুছেইন।
হিমন্ত বিশ্ব শৰ্মা পুলিচ ওপৰত নিৰ্ভৰশীল কেৱল নিৰ্বাচনলৈ বাট চাইছে মুখ্যমন্ত্ৰীৰ অসাংবিধানিক কথা বতৰা প্ৰশ্ৰয় নিদো বুলি ভাবি আছে---ৰকিবুল হুছেইন।আনহাতে আজি প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ পৰা সৱধানে থাকিবলৈ কৈৱাৰ লগতে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰে আৰু শাসনলৈ আহে বুলি দিয়া মন্তব্যৰো প্ৰতিক্ৰিয়া দিয়ে সাংসদ হুছেইনে।প্ৰধান মন্ত্ৰীয়ে সময় সীমা বান্ধি দিছিল টালি টোপোলা বন্ধিবলৈ---আঙুলিত গণি শেষ হৈ যাব তেঁওলোকে বিদেশী সমস্যাটো শেষ কৰিব নোঁৱাৰিলে বুলি কটাক্ষ প্ৰধান মন্ত্ৰীক।
অসমীয়া ৰাইজৈ সকলো কথা বুজি পাইছে নহলেনো গৌৰৱ গগৈ জয়ী হ'ল কেনেকৈ,বিজেপিৰ বিধায়ক থকাৰ পাছটো প্ৰতাপী মুখ্যমন্ত্ৰী থকাৰ পাছটো গৌৰৱ গগৈ জয়ী কেনেকৈ হ'ল প্ৰশ্ন সাংসদ ৰকিবুল হুছেইনৰ। বিৰোধী ঐক্যক লৈও প্ৰশ্ন বিজেপিক---অগপ লগত যে মিলা নাই---ইউ পি পি এল অৱস্থা কি হৈছে। হাগ্ৰামা মহিলাৰিয়ে পাহৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু ঠাট্টা মস্কৰা।বিৰোধী ঐক্য হব সুস্থভাৱে হব ধুনীয়াকে হব---ৰকিবুল হুছেইন।অগপ দুই তিনিজন মন্ত্ৰী বিধায়কৰ বাহিৰে তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ মন বেয়া----তৃণমূল পৰ্য্যয়ৰ কৰ্মী কংগ্ৰেছত লগ হোৱাৰ কথা উনুকিয়াই ৰকিবুল হুছেইনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ