কৰাচীৰ শ্বপিং মলত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা আঠজনলৈ বৃদ্ধি, ৫৮ জনতকৈ অধিক লোক সন্ধানহীন
ইছলামাবাদ, ১৯ জানুৱাৰী (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীৰ গুল প্লাজা শ্বপিং মলত যোৱা নিশা সংঘটিত হোৱা জুই নিৰ্বাপনৰ কাম দেওবাৰে গভীৰ নিশালৈকে অগ্নিনিৰ্বাপক বাহিনীৰ দলে অব্যাহত ৰাখিছিল। সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহ আৰু উদ্ধাৰকাৰ
কৰাচীৰ শ্বপিং মলত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা আঠজনলৈ বৃদ্ধি, ৫৮ জনতকৈ অধিক লোক সন্ধানহীন


ইছলামাবাদ, ১৯ জানুৱাৰী (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীৰ গুল প্লাজা শ্বপিং মলত যোৱা নিশা সংঘটিত হোৱা জুই নিৰ্বাপনৰ কাম দেওবাৰে গভীৰ নিশালৈকে অগ্নিনিৰ্বাপক বাহিনীৰ দলে অব্যাহত ৰাখিছিল। সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহ আৰু উদ্ধাৰকাৰী দলে ৮ জন লোকৰ মৃত্যু নিশ্চিত কৰি ৫৮ জনতকৈ অধিক লোক এতিয়াও নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে।

দুনিয়া নিউজৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী শ্বাহে জিন্না পথৰ গুল প্লাজাত উপস্থিত হৈ অগ্নিকাণ্ডত বিধ্বস্ত মলটো পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুৰাদ আলী শ্বাহে কয় যে একাংশ লোকে এই কৰুণ ঘটনাটোক ৰাজনীতিকৰণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে এতিয়াও তেওঁৰ সৈতে যোগাযোগ কৰা নাই, কিন্তু প্ৰাদেশিক চৰকাৰে ব্যৱসায়ীসকলৰ লোকচানৰ ক্ষতিপূৰণ স্বচ্ছ পদ্ধতিৰে দিব। মুখ্যমন্ত্রী সোণোৱালে ঘটনাৰ সময়ত মহানগৰীত নথকাৰ কথা উল্লেখ কৰি গভীৰ নিশা জুইৰ কথা জানিব পাৰিছিল৷

তেওঁ কয়, মই কৰাচীৰ মেয়ৰ আৰু মুখ্য সচিবৰ সৈতে যোগাযোগ কৰি আহিছো। মুখ্যমন্ত্ৰীয়ে এই কাণ্ডক মৰ্মান্তিক বুলি অভিহিত কৰি একাংশ লোকে ইয়াক ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰাত দুখ প্ৰকাশ কৰে। পূৰ্বৰ অনুৰূপ কাণ্ডৰ কথা মনত পেলাই মুৰাদ আলী শ্বাহে কয় যে কৰাচীৰ বোল্টন মাৰ্কেট ট্ৰেজেডীৰ পিছত ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে ব্যক্তিগতভাৱে ফেডাৰেল সহায়ৰ ব্যৱস্থা কৰিছিল। টিম্বাৰ মাৰ্কেটত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতো একেধৰণৰ সহায় আগবঢ়োৱা হৈছিল আৰু এই ক্ষেত্ৰতো একেই কাম কৰা হ’ব বুলিও তেওঁ কয়।

গুল প্লাজাৰ অগ্নিকাণ্ডত ক্ষুদ্ৰ ব্যৱসায়ীসকলে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি স্বচ্ছ তদন্ত কৰা হ’ব আৰু তেওঁলোকৰ লোকচানৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি আশ্বাস দিয়ে। ইফালে ব্যৱসায়ীসকলে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাক অপৰ্যাপ্ত বুলি অভিহিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande