কলিতা জনগোষ্ঠী সন্মিলন,অসমৰ মৰিগাঁও জিলা কলিতা জনগোষ্ঠীৰ ষষ্ঠ দ্বি-বাৰ্ষিক জিলা অধিবেশন
মৰিগাঁও, ১৯ জানুৱাৰী (হি.স.)। আজি এদিনীয়া কাৰ্যসুচীৰে মৰিগাঁও জিলা কলিতা জনগোষ্ঠী আৰু স্থানীয় ৰাইজৰ সহযোগত মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত আজি বহুকেইটা গুৰুত্বপুৰ্ণ কাৰ্যসুচীৰে কলিতা জনগোষ্ঠী সন্মিলনৰ দ্বি বাৰ্ষিক জিলা অধিবেশনখনি অনুষ্ঠিত হয়৷মৰিগাঁ
কলিতা জনগোষ্ঠী সন্মিলন,অসমৰ মৰিগাঁও জিলা কলিতা জনগোষ্ঠীৰ ষষ্ঠ দ্বি-বাৰ্ষিক জিলা অধিবেশন


মৰিগাঁও, ১৯ জানুৱাৰী (হি.স.)। আজি এদিনীয়া কাৰ্যসুচীৰে মৰিগাঁও জিলা কলিতা জনগোষ্ঠী আৰু স্থানীয় ৰাইজৰ সহযোগত মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত আজি বহুকেইটা গুৰুত্বপুৰ্ণ কাৰ্যসুচীৰে কলিতা জনগোষ্ঠী সন্মিলনৰ দ্বি বাৰ্ষিক জিলা অধিবেশনখনি অনুষ্ঠিত হয়৷মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ মুখ্য আহ্বায়ক দুলুমণি বৰা,আহ্বায়ক মণ্ডলী দীপন কুমাৰ বৰা,বসন্ত কাকতি,হেমন্ত বৰা আৰু অকন কলিতাকে ধৰি বহুকেইজন জনগোষ্ঠীটোৰ সন্মিলনীৰ বিষয়ববীয়াৰ তত্ত্বাৱধানত পুৱাই সন্মিলনৰ মুখ্য আহ্বায়ক দুলুমণি বৰাই উত্তোলন কৰিব পতাকা কৰে৷

ইফালে আহ্বায়ক দীপন কুমাৰ বৰাই শ্বহীদ তৰ্পণ কৰা অনুষ্ঠানটোত স্মৃতি তৰ্পণ কৰে বসন্ত কাকতিয়ে৷ইয়াৰ পিছতে পুৱা ১০ বজাত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰি জনগোষ্ঠী সন্মিলনৰ আহ্বায়ক লোচন শইকীয়াই, মাল্যাৰ্পণ কৰে মায়ঙৰ বিশিষ্ট সমাজ সেৱক দীপাংকৰ কলিতাই আৰু কলিতা জাতিৰ ইতিবৃত্তি ৰচক ড° বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে প্ৰাক্তন অভিযন্তা গিৰিন্দ্ৰ বৰাই৷ইয়াৰ পিছতে প্ৰতিনিধি সভা উদ্বোধন কৰে মৰিগাঁও জিলা গ্ৰাম্য পুঠিভৰাঁল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতিয়ে৷

১ বজাত আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম গ্ৰাম্য পুঠিভৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই৷ আনহাতে মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলিতা জনগোষ্ঠী সন্মিলন,অসমৰ সভাপতি ড° সোনেশ্বৰ কলিতা,বিৰিঞ্চি কুমাৰ শৰ্মা,বিষ্ণু ভাগৱতী,ললিত পাচনি সহ বহু সংখ্যক গন্যমাণ্য লোক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande