
মৰিগাও, ১৯ জানুৱাৰী (হি.স.)। ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটি নগৰলৈ দেওবাৰে মুকলি কৰা হয় প্ৰথম খন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী । ০৫৯৪৯ নম্বৰৰ ডিব্ৰুগড় - গোমটি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'ল খন দেওবাৰে ডিব্ৰুগড় ৰে'ল ষ্টেচনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে শুভাৰম্ভণি কৰে পুৱা ১১ বজাত । ডিব্ৰুগড় ৰে'ল ষ্টেচনৰ পৰা শুভাৰম্ভণি হোৱা এই যাত্ৰীবাহী ৰে'লখন মৰাণহাট , শিমলুগুৰি , মৰিয়নি, ফৰকাটিং , ডিমাপুৰ, ডিফু , লামডিং, হোজাই, চাপৰমুখ আৰু জাগীৰোড ৰে'ল ষ্টেচনসমূহত যাত্ৰীৰ বাবে ষ্টপেজৰ সুবিধা কৰিছে ৰে'ল বিভাগে ।
নিশা ১১.৫৫ বজাত গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে অমৃত ভাৰত ৰে'ল খনক নিশা ৯.৪০ বজাত আদৰণি জনাই জাগীৰোডত । এই উপলক্ষে ষ্টেচনটোৰ এক নম্বৰ প্লেটফৰ্মত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ৰে'ল বিভাগে । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত অতিথি হিচাপে জাগীৰোডৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, উদ্যোগপতি তথা সমাজকৰ্মী ব্যক্তিৰ লগতে ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / Narayan Kar