হাজোৰ বামুন্দীত ১৭২ বছৰীয়া পৰম্পৰা সভা গন্ধ উৎসৱ
কামৰূপ, ১৯ জানুৱাৰী (হি.স.)। হাজোৰ বামুন্দীত ১৭২ বছৰীয়া পৰম্পৰা সভা গন্ধ উৎসৱ। প্ৰতি বছৰে মাঘৰ ৫ তাৰিখেও কামৰূপৰ বামুন্দিত পাৰ ভঙা উচাহ। বামুন্দিৰ বিল জলাশয়ত সমূহিয়া মৎস্য চিকাৰ ৰাইজৰ। জাকৈ জুলুকি লৈ বিলত নামিছে ৰাইজ। শিশুৰ পৰা বৃদ্ধলৈ মাছ মাৰিছে
হাজোৰ বামুন্দীত ১৭২ বছৰীয়া পৰম্পৰা সভা গন্ধ উৎসৱ


কামৰূপ, ১৯ জানুৱাৰী (হি.স.)। হাজোৰ বামুন্দীত ১৭২ বছৰীয়া পৰম্পৰা সভা গন্ধ উৎসৱ।

প্ৰতি বছৰে মাঘৰ ৫ তাৰিখেও কামৰূপৰ বামুন্দিত পাৰ ভঙা উচাহ। বামুন্দিৰ বিল জলাশয়ত সমূহিয়া মৎস্য চিকাৰ ৰাইজৰ। জাকৈ জুলুকি লৈ বিলত নামিছে ৰাইজ। শিশুৰ পৰা বৃদ্ধলৈ মাছ মাৰিছে সকলোৱে। চিতল, ৰৌ, ভকুৱাৰ পৰা আৰিলৈকে সকলো মাছ উঠিছে জালত। নিজে খাবলৈ অথবা ঘৰলৈ নিবলৈ নহয় এই সমূহীয়া মৎস্য চিকাৰৰ উদ্দেশ্য মহান।

মাঘৰ ৫ তাৰিখে বামুন্দিত সমূহীয়া ভাবে মৎস্য চিকাৰ কৰে ৰাইজে, আৰু নিশাৰ ভাগলৈ ঐতিহাসিক সভা গন্ধ উৎসৱত অতিথিক প্ৰদান কৰা হয় এই মাছ। এই সভা গন্ধ উৎসৱৰ পৰম্পৰাই এইবেলি অতিক্ৰম কৰিলে ১৭২ টা বছৰ। বামুন্দিৰ সভাগন্ধ উৎসৱলৈ অহা সকলো লোককে সিধা হিচাপে আগবঢ়োৱা হয় মাছ, চাউল,খৰি, মচলা, হালধী, নিমখ তেল, পাচলি আদিকে ধৰি ভোজনৰ বাবে প্ৰয়োজনীয় সকলো সমগ্ৰী। নিশাৰ ভাগলৈ লোকে লোকাৰণ্য হ'ব বামুন্দীৰ সভা গন্ধ সিধা দিয়া উৎসৱ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande