
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। ছুইজাৰলেণ্ডৰ সুন্দৰ বৰফৰ চহৰ ডাভোছত সোমবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২৬ৰ ৫৬ সংখ্যক বাৰ্ষিক সভা। এই পাঁচদিনীয়া অনুষ্ঠানৰ বাবে বিশ্বৰ আগশাৰীৰ ৰাজনীতিবিদ, ব্যৱসায়ী নেতা, বিশেষজ্ঞসকলে সমবেত হ’বলৈ আৰম্ভ কৰিছে।
ভাৰত, আমেৰিকা, ৰাছিয়া, যুক্তৰাজ্যকে ধৰি প্ৰায় ১৩০খন দেশৰ ৩ হাজাৰতকৈ অধিক নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই সন্মিলনত ভাৰতৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। এইবাৰৰ বিষয়বস্তু হৈছে সংলাপৰ আত্মা। ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে ডাভোছত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বব্যাপী সমাৱেশত প্ৰায় ৬৫ জন ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব। ভূ-ৰাজনীতি, অৰ্থনীতি, উন্নয়ন, প্ৰযুক্তি, আৰু পৰিৱেশ আদি মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
এই বৈঠকত ভাৰতৰ শক্তিশালী প্ৰতিনিধিত্ব থাকিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে যোগ দিব কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান, প্ৰহ্লাদ যোশী, আৰু কে ৰাম মোহন নাইডু। এই বৈঠকত ৬গৰাকী মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব- মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাদনৱীছ, অন্ধ্ৰপ্ৰদেশৰ এন চন্দ্ৰবাবু নাইডু, অসমৰ হিমন্ত বিশ্ব শৰ্মা, মধ্যপ্ৰদেশৰ মোহন যাদৱ, তেলেংগানাৰ এ ৰেৱন্ত ৰেড্ডী, আৰু ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন।
চুইজাৰলেণ্ডৰ সংবাদ মাধ্যম ২০ মিনিটৰ মতে, আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেও ৰে’লযোগে অহা অতিথিসকলক চুইজাৰলেণ্ডৰ সেনাৰ বিমান প্ৰতিৰক্ষা বন্দুকে আদৰণি জনাইছে, যিয়ে অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থাৰ ইংগিত দিয়ে। বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত সম্পূৰ্ণ উচ্চ নিৰাপত্তা মোডত আছে।বিশ্বৰ অন্যতম উদযাপিত বিশ্ব সন্মিলন বুলি গণ্য কৰা এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ