গোৱালপাৰাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ, মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা্
গোৱালপাৰা, ১৯ জানুৱাৰী (হি.স.)। গোৱালপাৰাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ। পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচনী ৰণডংকা বজাবলৈ আৰম্ভ কৰে গৌৰৱ গগৈয়ে। দিনযোৰা কাৰ্যসূচী আৰম্ভৰ পূৰ্বে জিলাখনৰ ভালুকডুবিত থকা প্ৰয়াত পিতৃ তৰুণ গগৈ আৰু জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তিত
গোৱালপাৰাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ, মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা্


গোৱালপাৰা, ১৯ জানুৱাৰী (হি.স.)। গোৱালপাৰাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ। পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচনী ৰণডংকা বজাবলৈ আৰম্ভ কৰে গৌৰৱ গগৈয়ে। দিনযোৰা কাৰ্যসূচী আৰম্ভৰ পূৰ্বে জিলাখনৰ ভালুকডুবিত থকা প্ৰয়াত পিতৃ তৰুণ গগৈ আৰু জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়।

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপাত সভাপতি গৌৰৱ গগৈয়ে কয় যে, বিজেপিৰ লগত সুসম্পৰ্ক থকা কিচুমান লোকে জনজাতীয় লোকৰ মাটি বেদখল কৰিছে। পশ্চিম গোৱালপাৰাৰ বলাইখামাৰত প্ৰায় ৩৫ টাকৈ জনজাতীয় পৰিয়ালৰ মাটি বেদখল হৈছিল। উক্ত ঠাই দোখৰ আজি পৰিদৰ্শন কৰিবলৈ যাব কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

২৬ ৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, যিদৰে বুৰঞ্জীত লিখা আছে মোগলৰ পতন ঠিক তেনেদৰে এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ পতন হব।

আগন্তক নিৰ্বাচনত অখিল গগৈয়ে আসন বিচৰা সন্দৰ্ভত গৌৰৱ গগৈৱে কয় যে, অখিল গগৈয়ে তেঁওৰ সভাত কি কয় কৈ থাকক। আমাৰ ১০০ টা আসনৰ ওপৰত কংগ্ৰেছে প্ৰতিদ্বণ্ডিতা কৰিব। বন্ধুত্বৰ ক্ষেত্ৰত আসন বুজাবুজি হোৱা কথাটো মিডিয়াৰ আগত কোৱা কথা নহয় বুলিও কয়।

বাগৰুম্বা নৃত্য প্ৰধান মন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰাটো ভাল পাইছো কিন্তু বিটিচি নিৰ্বাচনত বিজেপিয়ে কিয় মুখ ঠেকেচা খালে সেইটো প্ৰধান মন্ত্ৰীক কলে নে নকলে সেইটো মই মুখ্যমন্ত্ৰীৰ পৰা জানিৱ বিচাৰো।

এলিভেটেদ কৰিডোৰ সন্দৰ্ভত গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাক ঠিকাদাৰৰ পৰা পকেট মানি লাগে সেই বাৱে এলিভেটেদ কোৰিডোৰ বনাব বিচাৰিছে। মূখ্যমন্ত্ৰীয়ে বেচিকৈ ফ্লাই অভাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰন হল তেঁওক ঠিকাদাৰৰ পৰা পকেট মানি লাগে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande