
শোণিতপুৰ, ১৯জানুৱাৰী (হি.স.)। শোণিতপুৰ জিলাত আজিৰ পৰা ২৪,৩৬০ গৰাকী প্ৰাপ্ত বয়স্ক লোকক সামৰি জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকাকৰণ অভিযান আৰম্ভ । আজিৰ পৰা অসমৰ চাৰিখন জিলাৰ লগতে শোণিতপুৰ জিলাতো ২১টা কৰ্ম দিনত জিলা খনৰ ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ ৫,২৪,৩৬০ লাখ গৰাকী প্ৰাপ্ত বয়স্ক লোকক জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকাকৰণ অভিযান আৰম্ভ হৈছে।
এই উপলক্ষে আজি পুৱা শোণিতপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কিউলেস্ক মহে কামোৰাৰ ফলত হোৱা মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অসমৰ চাৰিখন জিলাৰ লগতে শোণিতপুৰ জিলাৰ ১৫বছৰৰ পৰা ৬৫বছৰ বয়সৰ লোকসকলৰ বাবে অনুস্থিত কৰা বিনামূলীয়া জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযানৰ ফলত জিলা খনৰ লোক সকল এই ৰোগৰ পৰা ৰক্ষা পাব বুলি আশা প্ৰকাশ কৰে।
শোণিতপুৰ জিলা ৰোগ প্ৰতিৰোধ বিষয়া ডা:টুটুমনি সন্দিকৈয়ে উদেশ্য বাখ্যা কৰা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণি ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভাই এগছি বন্তি প্ৰজ্বলন আৰু ফিটা কাটি শিৱিৰ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক আনুষ্ঠানিকভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকা প্ৰদান কৰা হয়।
অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সাৰ্বজনীন প্ৰতিষেধক আঁচনিৰ যুটীয়া সঞ্চালিকা ডাঃ অনুৰাধা বৰঠাকুৰ, শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা ঢেকিয়াজুলিৰ সম জিলা আয়ুক্ত দ্যুতিভা বৰা, জিলাখনৰ সকলো বিভাগৰ মুৰব্বী,আৰক্ষী লোকে অংশগ্ৰহণ কৰে। উল্লেখ্যযে তিনি সপ্তাহৰ উক্ত অভিযানৰ অধীনত জিলাখনৰ ৪৫খন চাহ বাগিছাও সামৰি ১১৬০টিকাকৰণ চাইট নিৰ্ধাৰন কৰাৰ লগতে অভিযান সফল কৰাৰ বাবে৩৩৮গৰাকী নাৰ্ছ,১১১৬গৰাকী আশা কৰ্মী,২১৮৫গৰাকী অংগনবাড়ী কৰ্মী,৪৪৯গৰাকী স্বেচ্ছাসেৱক,৬৭৫গৰাকী বিদ্যালয়ৰ শিক্ষক আৰু ২১০গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু