নিৰ্বাচন আয়োগে ২১-২৩ জানুৱাৰীত আয়োজন কৰিব আইআইচিডিইএম-২০২৬
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। প্ৰথমখন ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা সন্মিলন (আই আই চি ডি ই এম) ২০২৬ৰ বাবে নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে। অহা ২১-২৩ জানুৱাৰীলৈ ইয়াৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’ব এই সন্মিলন। ইয়াৰ আয
Third Phase of Special Intensive Revision to Begin Soon in Remaining States, UTs


নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। প্ৰথমখন ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা সন্মিলন (আই আই চি ডি ই এম) ২০২৬ৰ বাবে নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হৈছে। অহা ২১-২৩ জানুৱাৰীলৈ ইয়াৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’ব এই সন্মিলন। ইয়াৰ আয়োজন কৰিছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ডেম’ক্ৰেচি এণ্ড ইলেকচন মেনেজমেণ্টে (আই এইচ আই ডি ই এম)।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নিৰ্বাচন পৰিচালনা আৰু গণতন্ত্ৰৰ ক্ষেত্ৰত ভাৰতে আয়োজন কৰা এই ধৰণৰ সৰ্ববৃহৎ বিশ্ব সন্মিলন হ’ব আইআইচিডিইএম ২০২৬। বিশ্বৰ ৭০খনতকৈও অধিক দেশৰ প্ৰায় ১০০ জন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতৰ বিদেশী মিছন, শিক্ষাবিদ, আৰু নিৰ্বাচনী কাৰ্য্যকলাপৰ সৈতে জড়িত বিশেষজ্ঞৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সন্ধু আৰু নিৰ্বাচন আয়ুক্ত ড০ বিবেক যোশীৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ২১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অধিৱেশনত প্ৰতিনিধিসকলক আদৰণি জনাই কাৰ্যসূচী আৰম্ভ কৰিব। তিনিদিনীয়া এই অনুষ্ঠানত নিৰ্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ সাধাৰণ আৰু পূৰ্ণাংগ অধিবেশনৰ উদ্বোধনী অধিবেশন, ইএমবিৰ নেতাসকলৰ পূৰ্ণাংগ অধিবেশন, ইএমবিৰ কৰ্মগোটৰ বৈঠক, আৰু বিশ্ব নিৰ্বাচনী বিষয়, আৰ্হি আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী মানদণ্ড, আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ উদ্ভাৱন আৰু উত্তম পদ্ধতিসমূহৰ ওপৰত বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত হ’ব।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ নেতৃত্বত আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাবিদসকলৰ সহায়ত মুঠ ৩৬টা বিষয়ভিত্তিক গোটে সন্মিলনৰ সময়ত গভীৰ আলোচনাত মিলিত হ’ব। এই আলোচনাসমূহত চাৰিটা আই আই টি, ছটা আই আই এম, ১২খন ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় (এন এল ইউ), আৰু আই আই এম চিকে ধৰি আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পৰাও অংশগ্ৰহণ কৰা হ’ব।

নিৰ্বাচন আয়োগে বিশ্বৰ ইএমবিসমূহৰ সৈতে ৪০খনতকৈও অধিক দ্বিপাক্ষিক বৈঠকত মিলিত হৈ তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিব আৰু সহযোগিতা আগবঢ়াই নিব। ইয়াৰ উপৰিও আয়োগে নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য আৰু সেৱাৰ বাবে ইচিআইৰ এক ষ্টপ ডিজিটেল প্লেটফৰ্ম ইচিআইনেট আনুষ্ঠানিকভাৱে মুকলি কৰিব।

এই অনুষ্ঠানসমূহৰ সমান্তৰালভাৱে ভাৰতত নিৰ্বাচন পৰিচালনাৰ পৰিসৰ আৰু জটিলতা আৰু নিৰ্বাচনৰ দুটা স্তম্ভ- ভোটাৰ তালিকা প্ৰস্তুত আৰু নিৰ্বাচন পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে শেহতীয়াকৈ লোৱা পদক্ষেপসমূহ প্ৰদৰ্শন কৰিবলৈ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব।

বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন লোকসভা নিৰ্বাচন ২০২৪ৰ পৰিচালনাৰ ওপৰত আলোকপাত কৰা ভাৰত সিদ্ধান্ত নামৰ এখন তথ্যচিত্ৰও আইচিডিইএম-২০২৬ৰ প্ৰথম দিনাই প্ৰদৰ্শিত হ'ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande