
মানকাচৰ, ১৯ জানুৱাৰী (হি.স.)। দেশী জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষাৰ সংকল্প। মানকাচৰৰ কানাইমাৰাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
দেশী জনগোষ্ঠীৰ স্বকীয় লোক-সংস্কৃতি, কৃষ্টি আৰু পৰম্পৰাক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ লগতে নতুন প্ৰজন্মৰ মাজত ইয়াৰ চৰ্চা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি কানাইমাৰাত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। কানাইমাৰা আঞ্চলিক পুষনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
শোভাযাত্ৰাৰ মূল আকৰ্ষণ পুৱাৰ পৰাই অঞ্চলটোৰ পুৰুষ-মহিলা তথা যুৱক-যুৱতীসকলে নিজৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি নিৰ্ধাৰিত স্থানত সমবেত হয়। লোক-গীত আৰু নৃত্য: শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সকলে দেশী জনগোষ্ঠীৰ জনপ্ৰিয় লোক-গীত আৰু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু