অলংকাৰ বজাৰৰ যথেষ্ট অৱনমন, সোণ আৰু ৰূপৰ মূল্য হ্ৰাস
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰখন আজি দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। মূল্য হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৩,৭৭০ টকাৰ পৰা ১,৪৩,৯২০ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প
प्रतीकात्मक


নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰখন আজি দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। মূল্য হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৩,৭৭০ টকাৰ পৰা ১,৪৩,৯২০ টকাৰ ভিতৰত চলি আছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,৩১,৭৯০ টকাৰ পৰা ১,৩১,৯৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ দাম সামান্য হ্ৰাস পোৱাৰ ফলত আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৯৪,৯০০₹ত বিক্ৰী হৈছে ।

দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৯২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩১,৯৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৪৩,৭৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩১,৭৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৮২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩১,৮৪০ টকা ।

এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৩,৭৭০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৩১,৭৯০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৭৭০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ১,৩১,৭৯০ টকা। ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৪৩,৮২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩১,৮৪০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৩,৯২০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ১,৩১,৯৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৮২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩১,৮৪০ টকা । জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৩,৯২০ টকা, আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩১,৯৪০ টকাত বিক্ৰী হৈছে।

সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ দাম সামান্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩,৭৭০ টকা । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩১,৭৯০ টকা হাৰত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande