
কামৰূপ, ১৯ জানুৱাৰী (হি.স.)। বিশিষ্ট সমাজকৰ্মী তথা তথ্য-প্ৰযুক্তি গৱেষক হিতেশ কলিতাৰ স্বৰোচিত গ্ৰন্থ 'হেঁপাহ' সোমবাৰে দক্ষিণ কামৰূপৰ ৰামপুৰত উন্মোচন কৰা হয়। উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ঠাকুৰীয়া, প্ৰাণেশ্বৰ নাথ,উমেশ কলিতা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শংকৰ কলিতা, জ্যেষ্ঠ বিজেপি নেতা দিনেশ চৌধুৰী, সাংবাদিক পৱিত্ৰ কুমাৰ দাস, বিমল শৰ্মাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
আজি উন্মোচন হোৱা গ্ৰন্থ 'হেঁপাহ' লেখক তথা গৱেষক হিতেশ কলিতাৰ প্ৰথম খন স্বৰোচিত গ্ৰন্থ। গ্ৰন্থ উন্মোচনী সভাত লেখক হিতেশ কলিতাই তেওৰ ভাষণত উল্লেখ কৰে যে সৰুৰে পৰা লেখক হিতেশ কলিতাৰ হাবিয়াস আছিল যে এদিন তেও এখন গ্ৰন্থ ৰচনা কৰিব, আজি তেওৰ শৈশৱৰ সোপন বাস্তৱত ৰূপায়িত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ