
কোকৰাঝাৰ, ১৯ জানুৱাৰী (হি.স.)। কোকৰাঝাৰৰ পাগলাবাবা মন্দিৰত আজি পূজা-অৰ্চনা কৰি পোন প্ৰথম বাৰৰ বাবে বিটিচি সচিবালয়ৰ কাৰ্য্যালয়ত উপস্থিত হয় বিটিচিৰ ভাৰপ্ৰাপ্ত কাৰ্য্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ে। নিজৰ কাৰ্য্যালয়ত উপস্থিত হৈ বিভাগীয় উচ্চ-স্তৰীয় বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰেচম আৰু ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব অৰ্পন কৰাৰ পিছতে আজি কাৰ্য্যালয়ত উপস্থিত হৈ বিভাগ দুটাৰ উন্নয়নৰ বাবে বিষয়া সকলৰ লগতে ৰাইজৰো সহায় সহযোগ বিছাৰে ভাৰপ্ৰাপ্ত ই এম কৰ্মেশ্বৰ ৰায়ে। বিভাগ সমূহৰ উন্নয়নৰ বাবে অহোপুৰুস্বাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ই এম গৰাকিয়ে।ইপিনে কাৰ্য্যলয়ত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠনে ফুলাম গামোছা আৰু জাপীৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ