বিভিন্ন এনএফআৰ ষ্টেচনত নতুন ৰে’লসমূহক ভৱ্য আদৰণি
গুৱাহাটী, ১৯ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱে (এন এফ আৰ)ৰ অধীনত থকা কেইবাটাও ষ্টেচনত নতুন ৰে’লৰ আগমনক পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান, লোকসংগীত, নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হৈছে। ষ্টেচন চৌহদত এক আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল। প্
असम: नई ट्रेन के स्वागत का दृश्य


গুৱাহাটী, ১৯ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱে (এন এফ আৰ)ৰ অধীনত থকা কেইবাটাও ষ্টেচনত নতুন ৰে’লৰ আগমনক পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান, লোকসংগীত, নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হৈছে। ষ্টেচন চৌহদত এক আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰীত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ৰে’ল আৰু ১৮ জানুৱাৰীত অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল উদ্বোধন কৰে। এই নতুন সেৱাসমূহ আৰম্ভ কৰাটো অঞ্চলটোৰ দীৰ্ঘ দূৰত্বৰ ৰে’ল সংযোগ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

এনএফআৰৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই সোমবাৰে জনোৱা মতে, এনএফআৰৰ অধীনস্থ মৰাণহাট, ফাৰকাটিং, লুমডিং, জাগীৰোড, ৰঙিয়া, নিউ বঙাইগাঁও, আলিপুৰদুৱাৰ আৰু নিউ জলপাইগুৰিকে ধৰি কেইবাটাও ষ্টেচনত স্থানীয় ৰাইজে বৃহৎ সংখ্যকে একত্ৰিত হৈ উদ্বোধনী ৰে’লসমূহক আদৰণি জনায়। ৰে’লসমূহৰ আগমনৰ সময়ত পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান, লোকসংগীত, নৃত্য প্ৰদৰ্শনেৰে ষ্টেচন চৌহদত এক আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

বন্দে ভাৰত ব্ৰেণ্ডৰ অধীনত ভাৰতৰ প্ৰথম স্লিপাৰ সংস্কৰণ বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ আধুনিক সুবিধা, উন্নত সুৰক্ষা বৈশিষ্ট্য, আৰু নিশা ভ্ৰমণৰ বাবে বৰ্ধিত আৰামৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছে। একেদৰে সুলভ আৰু আৰামদায়ক ভ্ৰমণ বিকল্প প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লসমূহকো যাত্ৰীসকলে উষ্ম আদৰণি জনাইছে।

জনসাধাৰণৰ উৎসাহী সঁহাৰিয়ে অঞ্চলটোত উন্নত ৰে’ল সেৱাৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰতিফলিত কৰিছে। এনএফআৰে নতুন প্ৰজন্মৰ ৰে’ল সেৱাৰ প্ৰৱৰ্তনৰ জৰিয়তে আধুনিকীকৰণ আৰু যাত্ৰীসকলৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে নিজৰ দায়বদ্ধতা অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande