
- অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ৫ম সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্ৰহণ
- ৫,৮২৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ডিগ্ৰী লাভ
গুৱাহাটী, ১৯ জানুৱাৰী (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই একবিংশ শতিকাৰ উদীয়মান প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ শিক্ষণ আৰু নিৰন্তৰ দক্ষতা উন্নীতকৰণৰ বাবে চেষ্টা কৰিবলৈ আহ্বান জনায়।
সোমবাৰে টাটালিয়াৰ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত পঞ্চম সমাৱৰ্তন অনুষ্ঠানত স্নাতকসকলক সম্বোধন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সমাৱৰ্তনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱনত এক নতুন যাত্ৰা আৰম্ভ হৈছে, যি যাত্ৰাই প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটা কঢ়িয়াই আনিব। দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব পৰিৱেশৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দি আচাৰ্যই উদীয়মান প্ৰযুক্তি, উদ্ভাৱন, আৰু বিশ্বব্যাপী ধাৰাসমূহৰ সৈতে জড়িত থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নৈতিকতা, সততা আৰু সাংস্কৃতিক মূল্যবোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক কঠিন পৰিস্থিতিত শক্তি, ধৈৰ্য্য আৰু আত্মবিশ্বাস প্ৰদান কৰে।
২০২৪ আৰু ২০২৫ বৰ্ষৰ বেচৰ বাবে মুঠ ৫,৮২৯ টা ডিগ্ৰী প্ৰদান কৰা হয়, ইয়াৰে ১,০৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতভাৱে ডিগ্ৰী লাভ কৰাৰ বিপৰীতে বাকী ডিগ্ৰী অনুপস্থিতিত প্ৰদান কৰা হয়। অনুষ্ঠানৰ সময়ত ১০২ গৰাকী প্ৰগ্ৰেম টপাৰ, ৩১ গৰাকী স্বৰ্ণ পদক বিজয়ী, ২৯ গৰাকী ৰূপৰ পদক বিজয়ী, আৰু ২৮ গৰাকী ব্ৰঞ্জৰ পদক বিজয়ীকো সন্মান জনোৱা হয়।
সমাৱৰ্তনত স্নাতকসকলৰ মাজত উপস্থিত থকাৰ বাবে আনন্দ আৰু গভীৰ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানটোক কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, প্ৰতিষ্ঠানটোৰ বাবেও বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু দৃঢ়তাৰ উদযাপন বুলি অভিহিত কৰে। ডিগ্ৰী আৰু পদক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই তেওঁ কয় যে তেওঁলোকৰ সফলতা কেৱল ব্যক্তিগত কৃতিত্বই নহয়, তেওঁলোকৰ পৰিয়াল, শিক্ষক, বিশ্ববিদ্যালয়ৰ বাবেও গৌৰৱৰ বিষয়।
ৰাজ্যপালগৰাকীয়ে কয় যে আষ্টুৰ ৫ম সমাৱৰ্তন অকল বিশ্ববিদ্যালয়ৰ বাবেই নহয় অসম ৰাজ্যৰ বাবেও গৌৰৱৰ বিষয়। তেওঁ বিশেষকৈ মহিলা স্নাতক, তেওঁলোকৰ পৰিয়াল, আৰু শিক্ষকসকলক অভিনন্দন জনাই তেওঁলোকৰ এই কৃতিত্বক সমাজত মহিলাৰ ক্ৰমবৰ্ধমান ভূমিকা আৰু জাতি গঠনত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ এক শক্তিশালী সাক্ষ্য বুলি অভিহিত কৰে।
এই উপলক্ষে আচাৰ্যই ভাৰতক গোলকীয় জ্ঞান মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাত উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উচ্চ শিক্ষানুষ্ঠানসমূহে গুণগত পাঠদান, বিশ্বমানৰ গৱেষণাৰ পোষকতা কৰিব লাগে, উদ্ভাৱনক সমানে অগ্ৰাধিকাৰ দিব লাগে।
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা হোৱাৰ কম সময়ৰ ভিতৰতে যি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে তাত ৰাজ্যপালগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে বিভিন্ন গৱেষণামূলক পদক্ষেপৰ জৰিয়তে জ্ঞান সৃষ্টিৰ ক্ষেত্ৰত অহৰহ অৱদান আগবঢ়াই আহিছে। তেওঁ আশা প্ৰকাশ কৰে যে উদ্ভাৱন আৰু উদ্যোগীকৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আষ্টু ছাত্ৰ-ছাত্ৰীসকলে ভাৰতক বিশ্বব্যাপী প্ৰযুক্তিগত শক্তি হিচাপে গঢ়ি তোলাত মূল ভূমিকা গ্ৰহণ কৰিব।
পৰিৱৰ্তিত বিশ্বৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নৱ প্ৰজন্মক প্ৰস্তুত কৰাৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আচাৰ্যই কয় যে সুষম আৰু বহনক্ষম জাতীয় উন্নয়নৰ বাবে শিক্ষা আৰু নতুন প্ৰযুক্তিৰ সুফল প্ৰতিখন গাঁৱলৈ যোৱাটো অতি প্ৰয়োজনীয়। তেওঁ উল্লেখ কৰে যে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে এই দিশত মূল ভূমিকা ল’ব পাৰে। বিশ্ববিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী সৰু চহৰ আৰু গ্ৰাম্য অঞ্চলৰ পৰা অহা বুলি উল্লেখ কৰি তেওঁ তেওঁলোকক নিজৰ গাঁও-চহৰত শিক্ষাৰ গুৰুত্ব প্ৰচাৰ কৰাৰ লগতে অধিক যুৱক-যুৱতীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়।
শিক্ষা কেৱল জ্ঞান আৰু দক্ষতা আহৰণ নহয় বুলি জোৰ দি আচাৰ্যই কয় যে ই জীৱনৰ মূল্যবোধ যেনে মমতা, সহনশীলতা, সামাজিক দায়বদ্ধতা আদিও শিকায়। আজিৰ সময়ত উদ্যোগীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৱল কৰ্মসংস্থাপনৰ লক্ষ্যৰে নহয়, কৰ্মসংস্থাপন সৃষ্টিৰ মানসিকতাৰে কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰে, যাৰ ফলত তেওঁলোকে সমাজ কল্যাণ আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূভাৱে অৰিহণা যোগাব পাৰে। ৰাজ্যপালগৰাকীয়ে স্নাতক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জ্ঞান আৰু দক্ষতা সমাজ আৰু জাতিৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিষয়া, কৰ্মচাৰীসকলক অভিনন্দন জনাই তেওঁলোকৰ অবিৰত প্ৰচেষ্টাই শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানখনক নতুন উচ্চতালৈ আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে।
সমাৱৰ্তনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক গৌতম বৰুৱা। অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নৰেন্দ্ৰ চৌধুৰী, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ নৃপেন দাস, শৈক্ষিক পঞ্জীয়ক ড০ অমিতাভ বৰুৱা, বিশ্ববিদ্যালয় আদালত, কাৰ্যবাহী পৰিষদ, আৰু শৈক্ষিক পৰিষদৰ সদস্যৰ লগতে সংযুক্ত মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ