
গুৱাহাটী/জুৰিখ, ১৯ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা সোমবাৰে ছুইজাৰলেণ্ডৰ জুৰিখত উপস্থিত হয়৷ তেওঁ ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ডাভোছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিব। এইবাৰ অসমে আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী বিশ্ব অৰ্থনৈতিক আৰু ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিছে।
পাঁচদিনীয়া এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে অসমৰ বিনিয়োগ, অৰ্থনীতি, আৰু সামগ্ৰিক উন্নয়ন সম্পৰ্কীয় বিভিন্ন অধিবেশনত অংশগ্ৰহণ কৰিব, আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰৰ দীৰ্ঘম্যাদী উন্নয়ন দৃষ্টিভংগীৰ অংশ হিচাপে অসমৰ অংশগ্ৰহণ আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ বিষয় হৈ পৰিছে।
জুৰিখত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত ভাৰতীয় প্ৰৱাসীসকলেয়ে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পিছতে তেওঁ বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২৬ৰ অংশ হিচাপে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মান শনমুগাৰত্নমৰ সৈতে সাক্ষাৎ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীৰ সদায় ইতিবাচক আৰু আন্তৰিক আৱেগে আলোচনাক আৰু অধিক অৰ্থপূৰ্ণ কৰি তুলিছে।
মুখ্যমন্ত্রী ড০ শর্মাই অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডু, বিশ্ব বেংকৰ সভাপতি অজয় বাংগা, কেন্দ্রীয় মন্ত্রী ৰাম মোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয় ৷ ভ্ৰমণসূচীৰ অংশ হিচাপে তেওঁ বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাৰ ২০২৬ৰ মুকলি কনচাৰ্ট, অভ্যৰ্থনা, আৰু গ্ল’বেল লাইটহাউচ নেটৱৰ্ক ডিনাৰকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰিব। এই নেটৱৰ্কত ঔদ্যোগিক উৎকৰ্ষতাৰ বাবে স্বীকৃতি লাভ কৰা অসমৰ ডুমডুমাস্থিত হিন্দুস্তান ইউনিলিভাৰ প্লাণ্টো অন্তৰ্ভুক্ত কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ প্ৰথম দিনৰ এংগেজমেণ্টৰ পিছত দ্বিতীয় দিনটোৰ আৰম্ভণি হ’ব ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠক আৰু আলোচনাৰ জৰিয়তে, যিয়ে অসম আৰু ভাৰতৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ