
যোৰহাট, ১৯ জানুৱাৰী (হি.স.) ।্য বিজেপিত ৩২ বছৰীয়া দীঘলীয়া ৰাজনৈতিক যাত্ৰাৰ অন্ত পেলাই সদ্য কংগ্ৰেছত যোগদান কৰা জ্যেষ্ঠ নেতা মনোজ কুমাৰ মহন্তই আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকট বিচাৰি আজি আনুষ্ঠানিকভাৱে আবেদন কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা।বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, মজদূৰ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক উপসভাপতি মনোজ কুমাৰ মহন্তই কিছুদিন পূৰ্বে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।
৩২ বছৰ ধৰি বিজেপি দলত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা মনোজ কুমাৰ মহন্তৰ যোৰহাট জিলাৰ লগতে ৰাজ্যজুৰি আছে এক সুকীয়া পৰিচয়।আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত মনোজ কুমাৰ মহন্তই আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰে।
মনোজ কুমাৰ মহন্তৰ কংগ্ৰেছ যোগদানে যোৰহাট জিলাত কংগ্ৰেছৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব বুলি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। একেদৰে, বিজেপিৰ ভোট বিভাজনৰ সম্ভাৱনাকো সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে বহু ৰাজনৈতিক বিশ্লেষকে।যিহেতু মনোজ কুমাৰ মহন্তৰ যোৰহাটত নিজৰ এক শক্তিশালী সমৰ্থক ভেটি আছে, সেয়ে যদি কংগ্ৰেছ দলে তেওঁক যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰে, তেন্তে ই বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব বুলি ধাৰণা কৰা হৈছে। বৰ্তমান মনোজ কুমাৰ মহন্তৰ প্ৰাৰ্থীত্ব আবেদনক লৈ যোৰহাটৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ উঠিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ