দদৰাত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ
কামৰূপ, ১৮ জানুৱাৰী (হি.স.)। দদৰাত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ l দদৰা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় বাহনসহ খন l জব্দকৃত বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১২ টা গো ধন l এ এছ ০১ আৰ চি ৩৫০৩ নম্বৰৰ বাহন খন অতি কৌশলৰে সৰবৰাহ কৰিব
দদৰাত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ


কামৰূপ, ১৮ জানুৱাৰী (হি.স.)। দদৰাত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ l দদৰা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় বাহনসহ খন l

জব্দকৃত বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১২ টা গো ধন l

এ এছ ০১ আৰ চি ৩৫০৩ নম্বৰৰ বাহন খন অতি কৌশলৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল গৰু কেইটা l হাজোৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে দদৰা আৰক্ষীয়ে সন্দেহৰ ভিত্তিত জব্দ কৰে বাহন খন l

ঘটনা সন্দৰ্ভত দদৰা আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত থকা দুজনক আটক কৰাৰ লগতে বাহন খনৰ চালক নৰুল ইচলাম আৰু নৰুল হুচেইনকো আটক কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande