
বৰপেটা, ১৮ জানুৱাৰী (হি.স.)। আজিৰপৰা মুকলি হোৱা অমৃত ভাৰত ৰেলক বিপুল আদৰণি বৰপেটাৰোড ৰেল ষ্টেচনত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুখনকৈ নতুন ৰেল অমৃত ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ কৰাৰ পাছতেই কামাখ্যা-ৰোহতাক এক্সপ্ৰেছ আৰু ডিব্ৰুগড়ৰপৰা গোমতী নগৰলৈ চলিব লগা ৰেল দুখনক আদৰণি জনাবলৈ বৰপেটাৰোড ৰেল ষ্টেচনত বিশেষ কাৰ্যসূচী।
দুয়ো খন ৰেল বৰপেটাৰোড ষ্টেচনত ৰখাৰ বাবে বৰপেটাৰোডৰ ৰাইজ উৎফুল্লিত হৈ পৰা দেখা যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু