

গুৱাহাটী, ১৮ জানুৱাৰী (হি.স.)। দেশ বিদেশৰ সহস্ৰাধিক এথলিটেৰে ভৰি পৰিল ডিমৰীয়াৰ মালয়বাৰী। আজি কাহিলীপুৱাতে অনুষ্ঠিত হ'ল হাফ মাৰাথন প্ৰতিযোগিতাৰ লগতে ফান ৰান।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ অংশস্বৰূপে আয়োজন কৰা এই হাফ মাৰাথনৰ প্ৰাইজমানি হিচাপে আছে সৰ্বমুঠ তিনিলাখ টকা। পুৰুষ-মহিলা উভয়ে শাখাতে অনুষ্ঠিত হোৱা ১৯ কিলোমিটাৰ এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ উপৰিও ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্যৰ প্ৰায় ৩ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
সূদুৰ কেনিয়াৰ পৰা অহা মহিলা প্ৰতিযোগীয়েও এই হাফ মাৰাথনত অংশগ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত পুৰুষ শাখাত প্ৰথম উত্তৰ-প্ৰদেশৰ চন্দন যাদব, দ্বিতীয় মহাৰাষ্ট্ৰৰ কমল কুমাৰ আৰু তৃতীয় উত্তৰ প্ৰদেশৰ গণেশ কুমাৰ বিন্দ আৰু মহিলা শাখাত প্ৰথম উত্তৰ প্ৰদেশৰ সন্ধ্যা যাদৱ, দ্বিতীয় কেনিয়াৰ ইদা জেৰটিক আৰু তৃতীয় উত্তৰ-প্ৰদেশৰ অন্নু পালে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
দুয়োটা শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীলৈ ক্ৰমে ৫০হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰকৈ নগদ ধনৰ লগতে ট্ৰফী আগবঢ়োৱা হয়। বঁটা বিতৰণী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰে।
গ্ৰামাঞ্চলত অনুষ্ঠিত হোৱা এই অভিলাষী মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বাবে কাহিলীপুৱাতে গাঁৱবাসীয়ে পথৰ দুয়োকাষে পদূলিলৈ ওলাই আহি খেলুৱৈসকলক অভিবাদন জনোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar