
তামুলপুৰ, ১৮ জানুৱাৰী (হি.স.)। গোৰেশ্বৰৰ মহৰিপাৰাত আজি বিপিএফ আৰু জিএছপি দলৰ নৱবৰ্ষ আৰু মাঘ বিহু উপলক্ষে প্ৰীতি ভোজ।
প্ৰীতিভোজত অংশ লয় জিএছপি দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া আৰু বিটিচি পৰিষদীয় চৰকাৰৰ জিএছপি দলৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱী আৰু বিপিএফ দলৰ শুক্লাই চেৰফাঙ ব্লক সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বেজ বৰুৱা আৰু বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মৃদুল প্ৰীতম ডেকাই অংশ লয়।
প্ৰীতি ভোজত সমাগত বিধান সভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে আলোচিত হয়।বিটিচিত থকা ১৫টাকৈ সমষ্টি দখল কৰাৰ বাবে বিপিএফ আৰু জিএছপি দলে অংগীকাৰবদ্ধ হয়।জিএছপি দলে গোৰেশ্বৰ,ভেৰগাও, টংলা , মানস, বিজনী, বাশুংগুৰী সমষ্টিত প্ৰতিদ্বন্দীতা কৰাৰ বাবে বিপিএফৰ পৰা আলোচনাৰ মাধ্যমেৰে বিচাৰিব বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই।আনহাতে দুভাগত বিভক্ত হোৱা অবড়ো সুৰক্ষা সমিতিক পুণৰ একত্ৰিকৰণ হোৱাৰ বাবে দুয়োটা গোটক আহ্বান জনায় প্ৰাক্তন সাংসদ গৰাকীয়ে।
আনহাতে বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীয়েও শীঘ্ৰে দুয়োটা অবড়ো সংগঠন একত্ৰিত হ্ব বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু