গোসাঁইগাঁৱৰ গোলাডাংগীত শীতল সংৰক্ষণৰ সৈতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আধাৰশিলা স্থাপন
কোকৰাঝাৰ, ১৮ জানুৱাৰী (হি.স.)। বিটিচিৰ ৪ নং যমদুৱাৰ সমষ্টিৰ গোলাডাংগীত শীতলী গৃহৰ সুবিধা আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আধাৰশিলা স্থাপন কৰে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে৷ এলেকাৰ পাৰিষদ উইলিয়াম নাৰ্জাৰী, কাৰ্যবাহী সদস্য মৃত্যুঞ্জয়
গোসাঁইগাঁৱৰ গোলাডাংগীত শীতল সংৰক্ষণৰ সৈতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আধাৰশিলা স্থাপন


কোকৰাঝাৰ, ১৮ জানুৱাৰী (হি.স.)। বিটিচিৰ ৪ নং যমদুৱাৰ সমষ্টিৰ গোলাডাংগীত শীতলী গৃহৰ সুবিধা আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আধাৰশিলা স্থাপন কৰে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে৷

এলেকাৰ পাৰিষদ উইলিয়াম নাৰ্জাৰী, কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীৰ উপৰি বিপিএফ দলৰ ভালে সংখ্যক নেতৃত্বৰ উপৰি এলেকাৰ পাঁচ শতাধিক লোকৰ উপস্থিতিত ৪১ কোটি টকীয়া অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰি ৰাইজক কৃষি কৰ্মত আত্মনিয়োগ কৰি শীতলী গৃহটো কাৰ্যক্ষম কৰি ৰাখিবলৈ আহ্বান জনায়৷এনেকি কৃষকৰ উৎপাদিত সামগ্ৰী দীৰ্ঘদিন সংৰক্ষণ কৰি ইয়াতে বিভিন্ন প্ৰকাৰ খাদ্য প্ৰস্তুতৰ ব্যৱস্থা ৰখা হৈছে বুলিও প্ৰকাশ কৰে৷ইয়াৰ জৰিয়তে এলেকাৰ কৃষক সকলে যথেষ্ট লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে৷আধাৰশিলা স্থাপন কৰে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ সময়ত ৰাইজে দিয়া মৰম মনত ৰাখি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই এলেকাৰ উন্নয়নৰ গুৰুত্ব দি ৰাইজৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও পুনৰাই ৰাইজৰ আগত প্ৰকাশ কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande