আজিৰে পৰা ভাৰতীয় ৰেলত এক নতুন সংযোজন
শিৱসাগৰ, ১৮ জানুৱাৰী (হি.স.)। আজিৰে পৰা ভাৰতীয় ৰেলত এক নতুন সংযোজন। ৰাজ্যৰ ৰেল যাত্ৰী সকলৰ বাবে এটা ভাল খৱৰ। আজিৰে পৰা এখন নতুন ৰেলৰ শুভাৰম্ভ। অমৃত ভাৰত এক্সপ্ৰেছ নামেৰে অসমৰ ডিব্ৰুগড়ৰ পৰা গুটানগৰ জংছনলৈ চলিব এইখন ৰেল। চাৰিখনকৈ ৰাজ্য অসম, বিহ
আজিৰে পৰা ভাৰতীয় ৰেলত এক নতুন সংযোজন


শিৱসাগৰ, ১৮ জানুৱাৰী (হি.স.)। আজিৰে পৰা ভাৰতীয় ৰেলত এক নতুন সংযোজন।

ৰাজ্যৰ ৰেল যাত্ৰী সকলৰ বাবে এটা ভাল খৱৰ। আজিৰে পৰা এখন নতুন ৰেলৰ শুভাৰম্ভ। অমৃত ভাৰত এক্সপ্ৰেছ নামেৰে অসমৰ ডিব্ৰুগড়ৰ পৰা গুটানগৰ জংছনলৈ চলিব এইখন ৰেল। চাৰিখনকৈ ৰাজ্য অসম, বিহাৰ, বেঙ্গল, উত্তৰপ্ৰদেশক সামৰি চলিব এইখন ৰেল।

আজি এই নতুন ৰেলখনৰ শুভাৰম্ভৰ দিনা পুস্প বৃষ্টিৰে নাজিৰাৰ শিমলুগুৰি জংছনত শুভ উদ্বোধন অনুস্থান অনুস্থিত কৰা পৰিলক্ষিত হয়।

এইখন ৰেলেৰে যাত্ৰী সকলে যথেষ্ট সুবিধা লাভ কৰিব বুলি আয়োজক সকলোকে জানিব দিয়ে সংবাদ মাধ্যমৰ আগত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande