
ধুবুৰী, ১৭ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ টিলা পাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি শুকুৰবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুটা কৈ বাইকৰ মুখামুখি সংঘৰ্ষ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ফলত দুজন কৈ ব্যক্তি গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় । আঘাত প্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ চাপৰ হস্পিটেলত লৈ যায়।
আঘাত প্ৰাপ্ত লোক দুজন বিলাসী পাৰাৰ কাঠালদি ৩য় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে আঘাত প্ৰাপ্ত লোক দুজন ক্ৰমে আব্দুল বাৰেক মণ্ডলৰ পুত্ৰ ইমান উদ্দিন মণ্ডল আৰু আজাদ আলীৰ পুত্ৰ নুৰুল ইছলাম বুলি জানিব পৰা গৈছে । ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক দুখন আৰক্ষীয়ে জব্দ কৰে । ঘটনা স্থলীত ছালকোছা আৰক্ষী উপস্থিত হয় আৰু দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখন শালকোছা থানা লৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ