
কোকৰাঝাৰ, ১৭ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শুকুৰবাৰে নিশা চোৰাং গো-ধনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । অভিযানত চাৰিটাকৈ চোৰাং গৰুসহ তিনিজনকৈ গো- সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
বগৰৰিবাৰী আৰক্ষীৰ ভাৰাপ্ৰাপ্ত কৌশিক দলেৰ নেতৃত্বত চলে এই অভিযান। ধৃত গো সৰবৰাহকাৰী কেইটা ক্ৰমে বগৰীবাৰীৰ আংগাৰকাটা গাঁৱৰ ৰফিক আলি, ৰুবুল হক আৰু গোৱালপাৰা জিলাৰ টেনুকা গাঁৱৰ আইন উদ্দীন বুলি জনা গৈছে। ধৃত তিনিও জনকে বগৰীবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ