পণ্ডুৰু খাদীলৈ জি আই টেগ, খাদী গ্ৰামোদ্যোগ আয়োগৰ প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন
নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ পণ্ডুৰু গাঁৱত উৎপাদিত খাদীয়ে শুকুৰবাৰে লাভ কৰে ভৌগোলিক সূচক (জি আই) টেগ। এই বিষয়ত আনন্দ প্ৰকাশ কৰি খাদী গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ
जीआई टैग मिलने पर खुशी जाहिर करते हुए आयोग के अध्यक्ष मनोज कुमार


নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ পণ্ডুৰু গাঁৱত উৎপাদিত খাদীয়ে শুকুৰবাৰে লাভ কৰে ভৌগোলিক সূচক (জি আই) টেগ। এই বিষয়ত আনন্দ প্ৰকাশ কৰি খাদী গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে।

জি আই টেগ পোৱাৰ অৰ্থ হ’ল পণ্ডুৰু খাদীৰ পৰিচয় এতিয়া আইনগতভাৱে সুৰক্ষিত আৰু কোনেও ইয়াৰ অনুকৰণ কৰিব নোৱাৰিব।

আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে সংবাদ মাধ্যমৰ মত বিনিময়ত কয়, পণ্ডুৰু খাদী মহাত্মা গান্ধীৰ স্বদেশী দৰ্শনৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত খাদী স্বাৱলম্বী ভাৰতৰ প্ৰতীক হৈ পৰিছে। তেওঁ কয়, শীঘ্ৰে পণ্ডুৰু খাদী কাঁটা আৰু বোৱাৰ লগত জড়িত শিপিনীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই জি আই টেগ পৰম্পৰাগত শিপিনীক সন্মান আৰু সুৰক্ষা আৰু স্বাৱলম্বী ভাৰত অৰ্জনৰ দিশত এক বৃহৎ পদক্ষেপ।

পণ্ডুৰু খাদী কিয় বিশেষ?

এই খাদী অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ পণ্ডুৰু গাঁৱত উৎপাদন কৰা হয়। স্থানীয় লোকে ইয়াক পাটনুলু বুলি কয়। ইয়াক সম্পূৰ্ণৰূপে হাতেৰে কাটি বোৱা হয়। ইয়াত পাহাৰীয়া কপাহ, পুনাছা কপাহ, ৰঙা কপাহ ব্যৱহাৰ কৰা হয়। ভালুগা মাছৰ দাঁতৰ সহায়ত কপাহ পৰিষ্কাৰ কৰা হয়— যিটো পদ্ধতি পৃথিৱীৰ আন কোনো ঠাইত শুনা নাযায়। ইয়াৰ সূতাৰ সংখ্যা ১০০–১২০, যিয়ে অতি উচ্চমানৰ ইংগিত দিয়ে। জি আই টেগে পণ্ডুৰু খাদীক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিব। ই শিপিনীৰ আয় বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। গ্ৰাহকে লাভ কৰিব প্ৰকৃত আৰু বিশুদ্ধ খাদী।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande