
নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। অৰ্থনৈতিক দিশত এটা ভাল খবৰ। যোৱা সপ্তাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত তীব্ৰভাৱে হ্ৰাস পোৱাৰ পিছত পুনৰবাৰ উন্নতি হৈছে। ৯ জানুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৩৯২ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৮৭.১৯ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ৯.৮১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৬.৮০ বিলিয়ন ডলাৰ হয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে তথ্য প্ৰকাশ কৰা অনুসৰি ৯ জানুৱাৰীত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুতৰ এক প্ৰধান উপাদান বুলি গণ্য কৰা বিদেশী মুদ্ৰাৰ সম্পত্তি ১.১২৪ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৫০.৮৬৬ বিলিয়ন ডলাৰ হৈছে। এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ১.৫৬৮ বিলিয়ন ডলাৰ বৃদ্ধি পাই ১১২.৮৩ বিলিয়ন ডলাৰ হৈছে।
তথ্য অনুসৰি এই সময়ছোৱাত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ৩৯ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৭৩৯ বিলিয়ন ডলাৰ হৈছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভও ১৩ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৭৫৮ বিলিয়ন ডলাৰ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ