কোপা ডেল ৰেঃ ৰেচিং ছেন্টাণ্ডাৰৰ বিৰুদ্ধে ২-০ত জয়লাভ কৰি বাৰ্চিলোনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
কান্টাব্ৰিয়া, ১৬ জানুৱাৰী (হি.স.): কোপা ডেল ৰেত বাৰ্চিলোনাই এক চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই বৃহস্পতিবাৰে দ্বিতীয় বিভাগৰ শীৰ্ষ দল ৰেচিং ছান্টাণ্ডাৰক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দ্বিতীয়ার্ধত ফেৰাণ টৰেছ আৰু যুৱ তাৰকা লামিন
रेसिंग सैंटेंडर और बार्सिलोना के बीच मैच का दृश्य


কান্টাব্ৰিয়া, ১৬ জানুৱাৰী (হি.স.): কোপা ডেল ৰেত বাৰ্চিলোনাই এক চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই বৃহস্পতিবাৰে দ্বিতীয় বিভাগৰ শীৰ্ষ দল ৰেচিং ছান্টাণ্ডাৰক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দ্বিতীয়ার্ধত ফেৰাণ টৰেছ আৰু যুৱ তাৰকা লামিন ইয়ামালৰ গ’লেৰে কঠিন প্রত্যাহবানৰ পাছত বার্চিলোনাৰ জয় নিশ্চিত হয় ৷

এল চাৰ্ডিনেৰো ষ্টেডিয়ামত খেলা এই খেলখনত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল। ৬৬ মিনিটত মেচৰ প্ৰথমটো গ’ল অফছাইডৰ ফান্দ ডজ কৰি ফেৰাণ টৰেছে নিখুঁত টাইমিংৰে থ্ৰু বলৰ ওপৰত দৌৰি গ’লৰক্ষক জোৱাকিন এজকিয়েটাক পৰাস্ত কৰি খালী নেটত স্লট কৰে।

ৰেচিং ছান্টাণ্ডাৰৰ মানেক্স লোজানোৱে ষ্টপেজ টাইমত এটা সাধাৰণ সুযোগ হেৰুৱাই পেলায়। লগে লগে বার্চিলোনে দ্রুত পাল্টা আক্রমণেৰে খেলখন নিয়ন্ত্ৰণ কৰিবলৈ লয়। ৰাফিনহাৰ লো ক্ৰছৰ পৰা উজ্জ্বল ফিনিছিং কৰি লমিন ইয়ামালে দ্বিতীয়টো গ’ল দি দলটোৰ জয়ৰ মোহৰ দিয়ে।

এই জয়ৰ জৰিয়তে বাৰ্চিলোনাই ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা দলৰ তালিকাত যোগদান কৰে, য’ত আছে এথলেটিক বিলবাও, আলাভেছ, আলবাচেটে, এটলেটিকো মাদ্ৰিদ, ৰিয়েল বেটিছ, ৰিয়েল ছ’চিয়েডাড, আৰু ভেলেন্সিয়া। সোমবাৰে স্পেনিছ ফুটবল ফেডাৰেচনে কোৱাৰ্টাৰ ফাইনেলৰ ড্ৰ’ অনুষ্ঠিত কৰিব আৰু ৩-৫ ফেব্ৰুৱাৰীত খেল অনুষ্ঠিত হ’ব।

নিম্ন লীগৰ দল আলবাচেটেৰ হাতত ৰিয়েল মাদ্রিদৰ পৰাজয়ৰ পাছত বার্চিলোনাৰ প্রশিক্ষক হান্সি ফ্লিকে কোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিবলৈ প্রায় পূৰ্ণশক্তিশালী দল এটা খেলপথাৰ কৰে৷ প্ৰাৰম্ভিক পৰ্যায়ত বাৰ্চিলোনাই বলৰ ওপৰত অধিক নিয়ন্ত্ৰণ ৰাখিছিল যদিও ৰেচিং ছেন্টাণ্ডাৰে কঠিন যুঁজ দিছিল।

প্ৰথমাৰ্ধত ডানি অলমোৱে সহজ সুযোগ হেৰুৱাই পেলোৱাৰ বিপৰীতে বাৰ্চিলোনাৰ গ’লৰক্ষক জোয়ান গাৰ্চিয়াই কেমাৰ চুলেইমানৰ শ্বটত উজ্জ্বল প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলটোক গ’ল দিয়াৰ পৰা ৰক্ষা কৰে। ফেৰাণ টৰেছৰ গ’লৰ পিছতো মেচখন ৰোমাঞ্চকৰ হৈয়েই আছে, ৮০ মিনিটত ফাৰ্মিন লোপেজ আৰু বিকল্প খেলুৱৈ ৰবাৰ্ট লেৱাণ্ড’স্কিৰ শ্বটৰ পৰা আজকিয়েটাই দুটা উজ্জ্বল ছেভ কৰিছিল।

মেচখনৰ অন্তিম মুহূৰ্তত ৰেচিং ছান্টাণ্ডাৰে দুটা গ’ল দাবী কৰিছিল যদিও অফছাইডৰ বাবে দুয়োটা গ’লৰ অনুমতি নাছিল। ইয়াৰ পাছতে বার্চিলোনে লোজানোৰ হেৰুৱা সুযোগৰ মূলধন হিচাপে লৈ ইয়ামালৰ গ’লেৰে অন্তিম আঠত স্থান নিশ্চিত কৰে৷

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande