
শোণিতপুৰ, ১৬ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ মাজুলী গাৱত দৃষ্টি পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত শিল্পী দিৱস উদযাপন:
শোণিতপুৰৰ বালিপৰাৰ দৃষ্টি পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত মাজুলী গাও ৰঙ্গমঞ্চত দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।এই উপলক্ষে কন কন শিশু সকলৰ মাজত বিভিন্ন গীত, নৃত্য ,কবিতা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।লগতে ১৭ তাৰিখে পুৱা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ উপৰিও বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত কৰাহব। মুকলি সভাত কেইবাগৰাকীও! অতিথি , নিৰ্দিষ্ট বক্তাই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াব বুলি উদ্যোক্তা সকলে জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু